অসম আন্দোলনৰ পটভূমিত সদৌ অসম ছাত্ৰ সন্থাৰ গৰ্ভত জন্ম লাভ কৰা আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদে অৱশেষত জন্ম দিলে 'অসম ছাত্ৰ পৰিষদ' নামেৰে এটা ছাত্ৰ সংগঠন।বৃহস্পতিবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ বহুকেইখন বিশ্ববিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ ঘটে ছাত্ৰ সংগঠনটো।ইফালে অনুষ্ঠানত উপস্থিত থাকি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই দলটোৰ বাবে আজি এটা শুভ আৰু ঐতিহাসিক মুহূৰ্ত বুলি উল্লেখ কৰি কয়-'নৱজাগৰণৰ বাবে ছাত্ৰ আৰু এই লক্ষ্য আগত ৰাখিয়ে জন্ম দিয়া হৈছে 'অসম ছাত্ৰ পৰিষদ'ক।সততে এটা অভিযোগ উঠে অগপত নতুন প্ৰজন্মক ঠাই নিদিয়া বুলি।কিন্তু সেই অভিযোগসমূহ খণ্ডন কৰি নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ বাবে ছাত্ৰ সংগঠনটোয়ে জন্ম লাভ কৰা বুলি বৰাই কয়। উল্লেখ্য যে আত্মপ্ৰকাশ কৰা ছাত্ৰ সংগঠনটোৰ কেৱল তদৰ্থ সমিতিহে গঠন কৰা হৈছে।পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে জিলা আৰু আঞ্চলিক পৰ্যায়ত পূর্ণ পৰ্যায়ত গঠন কৰা হ'ব।বৰ্তমান ছাত্ৰ সংগঠনৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে ত্ৰিনয়ন দত্তক। ইফালে বৃহস্পতিবাৰে অসম ছাত্ৰ পৰিষদৰ আত্মপ্ৰকাশৰ অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী ফণীভুখন চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কেশৱ মহন্ত প্ৰমুখ্যে দলটোৰ বহুসংখ্যক নেতা।
- Log in to post comments
- 169 views