কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বুধবাৰে ৰাজপথলৈ ওলাল ঐতিহ্যমণ্ডিত কটনৰ ছাত্ৰ সমাজ।শৈক্ষিক প্ৰতিষ্ঠানখনৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বিধেয়ক বিৰোধিতাৰে ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ মহাগৰীৰ ৰাজপথত গঢ়ি তোলে শান্তিপূৰ্ণ মানৱ-শৃংখল। কাৰ্যসূচীত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ ২০১৮-১৯ বর্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয়-'বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ আজি শান্তিপূৰ্ণভাৱে ওলাই আহিছে কটনৰ ছাত্ৰ সমাজ।তাৰ অৰ্থ এইটো নহয় সদায় শান্তিপূৰ্ণ হৈ থাকিব।যদি চৰকাৰে জাতিক ধ্বংস কৰা এই বিধেয়ক গৃহীত কৰে আগন্তক দিনত ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ।'
ইফালে বিধেয়ক বিৰোধিতাৰে আন্দোলনৰ ওপৰি আন্দোলন হৈ থকাৰ পিছতো কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আকোঁৰগোজ স্থিতি গ্ৰহণ কৰা প্ৰসংগৰ আঁত ধৰি ছাত্ৰ নেতাগৰাকীয়ে কয় -'কেন্দ্ৰই আচলতে অসমক ভাল নাপায়।যাৰ বাবে অসমক তেওঁলোকে বাংলাদেশীৰ হাতত এৰি দি অসমক বাংলাদেশীৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰ কৰিবলৈ বিচাৰিছে।চৰকাৰৰ এই অন্যায় কেতিয়াও কোনো কাৰণতে সহ্য নকৰে কটনৰ ছাত্ৰ সমাজে।' 'অসমীয়াৰ স্বাৰ্থ সদায় সুৰক্ষিত হ'ব লাগিব অসমত। অসমীয়া ছাত্ৰ, অসমীয়া নিবনুৱাই সদায় নিযুক্তি পাব লাগিব অসমত'- ছাত্ৰ নেতা কলিতাই কয়।
একেদৰে অসমৰ সকলো ছাত্ৰ-সমাজক 'কেব'ৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনায় তেওঁ কয়-'চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতি অসমীয়া পৰিচয় ৰক্ষা কৰক'।
- Log in to post comments
- 15 views