উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ নামত বৃক্ষ ধ্বংসৰ মুকলি বিৰোধিতা অৰণ্য মানৱ যাদৱ পায়েঙৰ:'উন্নয়নৰ নামত গছ কটা বন্ধ কৰক'

Pic

উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ মুকলিভাৱে বিৰোধিতা কৰিলে পদ্মশ্ৰী সন্মানেৰে সন্মানিত 'অৰণ্য মানৱ' যাদৱ পায়েঙে।গছক সুৰক্ষা দিয়া দাবীৰে মহানগৰী ভৰলুমুখস্থিত ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত মঙলবাৰে পুৱাই আহি উপস্থিত হয় পায়েঙ। চৰকাৰে নিজ ইচ্ছা অনুসৰি উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাবে চলোৱা কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয়-'উন্নয়ন বিৰোধী আমি নহয় আৰু কেতিয়াও বিৰোধিতা নকৰো।তাৰ অৰ্থ এইটো নহয় যে উন্নয়নৰ নামত জধে-মধে গছ কটাৰ বিৰোধিতা নকৰিম।সদায় তেনে কাৰ্যৰ বিৰোধিতা কৰো।'গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠনৰ উপস্থিতিত পদ্মশ্ৰী যাদৱ পায়েঙে সম্ভাব্য সমাধানৰ বাবে বিভিন্ন পাৰদৰ্শী ব্যক্তি, প্ৰতিষ্ঠানক সামৰি এখন কাৰিকৰী সমিতি গঠন কৰি নদীপাৰটোৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। এই প্ৰসংগত চীন, টাইৱান আদি দেশৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়-'এই দেশসমূহত প্ৰকৃতিৰ বাবে প্ৰতিকূল কোনো উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰা নহয় । তাৰ পৰিৱৰ্তে প্ৰকৃতিৰ সুৰক্ষা সুনিশ্চিত কৰি তেওঁলোকে উন্নয়নৰ পৰিকল্পনা কৰে।তাৰ উদাহৰন লৈয়ে আমাৰ চৰকাৰে উপযুক্ত পৰিকল্পনা অনুসৰি প্ৰয়োজন সাপেক্ষে উচ্চ কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰি এই বৃহৎসংখ্যক গছ নকটাকৈ দলংখন নিৰ্মাণ কৰক।' ইফালে দেশৰ বৰ্তমানৰ শিক্ষা নীতিক সমালোচনা কৰি তেওঁ কয়-'প্ৰাথমিক বিদ্যালয়ৰ পৰাই পৰিৱেশ বিজ্ঞান বাধ্যতামূলক হ'ব লাগে। এই দিশত ছাত্ৰ-ছাত্ৰীসকলে যিমান পাৰে গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰিব লাগে বুলি তেওঁ প্ৰকাশ কৰে।' উল্লেখযোগ্য যে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ভৰলুমুখৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণৰ ফলত ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ৩০০জোপা গছ কটাৰ অৱকাশ হৈছে। প্ৰস্তাৱিত দলংখনৰ প্ৰকল্প প্ৰতিবেদন অনুসৰি দলংখন নিৰ্মাণৰ ফলত ভৰলুমুখৰ শংকৰদেৱ উদ্যান, আজানপীৰ উদ্যান আৰু মাছখোৱাৰ পৰা কালীপুৰলৈ বিস্তৃত সমগ্ৰ নৈপৰীয়া অঞ্চলটোৰ বৃহৎ ক্ষতি হ'ব। কিয়নো এই বৃহৎ অঞ্চলটোত থকা গছসমূহ নানা ধৰণৰ চৰাইৰ প্ৰজাতিৰ বাসস্থান । তদুপৰি এই গছবোৰৰ বেছিভাগে পঞ্চাশ বছৰতকৈও অধিক পুৰণি। অঞ্চলটোৰ বহু লোকে তেওঁলোকৰ বাল্যকালৰ বেছিভাগ সময় এই বৃহৎ গছবোৰৰ তলত খেলা-ধূলা কৰিয়ে অতিবাহিত কৰিছিল।কিন্তু দুৰ্ভাগ্যৰ বিষয় এইটোৱে যে ৰাজ্য চৰকাৰে দলং নিৰ্মাণৰ বাবে 'ডিপিআৰ' প্ৰস্তুত কৰোঁতে স্থানীয় ৰাইজৰ লগত কোনো আলোচনা নকৰি নিজৰ মইমতালি মতে উক্ত ডিপিআৰ প্ৰস্তুত কৰে। যাৰ বাবে গছসমূহ এতিয়া কাটি চৰকাৰে প্ৰস্তাৱিত দলংখন নিৰ্মাণ কৰিবলৈ বিচাৰিছে।

Your Comments