'কেব' বিৰোধিতাৰে মহানগৰীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰৱল বিক্ষোভ

Pic

'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬'ৰ বিৰোধিতাৰে গুৱাহাটীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মহানগৰ জিলা সমিতিয়ে ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংগঠনটোৰ দুই শতাধিক সদস্যই।মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদস্যসকলে 'সোণোৱাল চৰকাৰ হায় হায়,জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,মোডী চৰকাৰক হুচিয়াৰ' শ্লোগানেৰে মেঘদূত ভৱনৰ সন্মুখভাগ উত্তাল কৰি তোলে। ইফালে,প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মহানগৰ জিলা সমিতিৰ আহ্বায়ক প্ৰদীপ কলিতাই কয়-'নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে লাখ লাখ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব কৰিব বিচৰা কাৰ্যক কেতিয়াও সফল হবলৈ দিয়া নহব।হিন্দুৱেই হওঁক বা মুছলমানে হওঁক বিদেশী বিদেশীয়ে। গতিকে ৭১ৰ পিছত অহা সকলো বিদেশীয়ে অসম এৰি যাবই লাগিব।' কেবৰ জড়িয়তে অসমীয়া জাতিক নিঃশেষ কৰিবলৈ বিচৰা বুলি অভিযোগ তুলি আহ্বায়ক কলিতাই কয়-'পূৰ্বতেও আমি এই বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছোঁ।সেই পূৰ্বৰ স্থিতি আমাৰ অটল আছে।প্ৰয়োজন হ'লে শেষ মুহূৰ্তলৈকে শেষ মুহূৰ্ত শেষ বিন্দু তেজ থকালৈকে আন্দোলন অব্যাহত থাকিব।' 'অসম আৰু ত্ৰিপুৰাৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যই ইয়াৰ বিৰোধিতা কৰিছে।মূলত: অসমক টাৰ্গেট কৰিয়ে এই বিধেয়ক কেন্দ্ৰৰ বিজেপি চৰকাৰে আনিবলৈ বিচাৰিছে বুলি প্ৰকাশ কৰে আহ্বায়ক কলিতাই। উল্লেখ্য যে এই বিক্ষোভ কাৰ্যসূচীৰ পিছতে পুনৰ পৰৱৰ্তী কেব বিৰোধী আন্দোলনৰ কথাও ঘোষণা কৰে মহানগৰ জিলা সমিতিয়ে।সেই অনুসৰি অহা ২০ নৱেম্বৰত গুৱাহাটী মহানগৰৰ ১০ খন আঞ্চলিক সমিতিয়ে মহানগৰৰ বিভিন্ন স্থানত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিব।

Your Comments