গুৱাহাটী মহানগৰীৰ ভৰলুমুখত থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত দেওবাৰে সমবেত হ'ল সহস্ৰাধিক লোক । চৰকাৰে নিজ খেয়াল-খুচিমতে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাবে চলোৱা কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰিলে গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠনে । প্ৰতিকূল বতৰকো নেওচি হাতত গছ, প্ৰকৃতি আৰু পক্ষীকুলৰ সুৰক্ষাৰ দাবীৰে বিভিন্ন শ্লোগানসম্বলিত বেনাৰ লৈ সকলোৱে হাতে-হাত ধৰি গঢ়িলে দীঘলীয়া মানৱ শৃংখল । শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে স্বতঃস্ফুৰ্তভাৱে অংশ ল'লে প্ৰকৃতি সুৰক্ষাৰ এই অভিযানত । উল্লেখযোগ্য যে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ভৰলুমুখৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণৰ ফলত ভালেমান গছ কটাৰ আশংকা আছে । প্ৰস্তাৱিত দলংখনৰ বিতং প্ৰকল্প প্ৰতিবেদন অনুসৰি এই দলংখনৰ নিৰ্মাণৰ ফলত ভৰলুমুখৰ শংকৰদেৱ উদ্যান, আজানপীৰ উদ্যান আৰু মাছখোৱাৰ পৰা কালিপুৰলৈ বিস্তৃত সমগ্ৰ নৈপৰীয়া অঞ্চলটোৰ বৃহৎ ক্ষতি হ'ব । কিয়নো এই বৃহৎ অঞ্চলটোত থকা গছসমূহ নানা ধৰণৰ চৰাইৰ প্ৰজাতিৰ বাসস্থান ।তদুুপৰি,উদ্যানখন শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ অঞ্চলটোৰ লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ । আজি সমবেত হোৱা সচেতন লোকসকলে দলং নিৰ্মাণৰ বাবে নতুনকৈ নক্সা অংকণ কৰি হ'লেও এই বৃহৎ অঞ্চলটোৰ গছ-গছনি আৰু উদ্যানকেইখন সুৰক্ষিত কৰাৰ বাবে দাবী জনাইছে।লগতে,চৰকাৰে সম্ভাব্য সমাধানৰ বাবে বিভিন্ন পাৰদৰ্শী ব্যক্তি, প্ৰতিষ্ঠানক সামৰি এখন কাৰিকৰী সমিতি গঠন কৰি নদীপাৰটোৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সমবেত লোকসকলে দাবী জনায়।
- Log in to post comments
- 9 views