মোডী চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে গুৱাহাটীত ৰিজাৰ্ভ বেংকৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Pic

দেশৰ অৰ্থনৈতিক  মন্দাৱস্থাৰ পৰা আৰম্ভ কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে মঙলবাৰৰ পৰা ধাৰাবাহিকভাৱে সৰ্বভাৰতীয় পৰ্যায়ত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ সন্মুখত  ৰূপায়ণ কৰে বিশাল গণ বিক্ষোভ কাৰ্যসূচী।কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্রাবাসৰ সন্মুখৰ পৰা ৰূপায়ণ কৰা এই বিশাল গণ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ পৰা আৰম্ভ কৰি দলটোৰ অধিকাংশ জ্যেষ্ঠ নেতা তথা প্ৰায় তিনি শতাধিক কংগ্রেছ কর্মীয়ে।ইয়াৰ উপৰিও এই অসম প্ৰদেশ কংগ্ৰেছৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা উত্তৰ-পূবৰ তত্বাৱধায়ক হৰিশ ৰাৱাট, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তাৰিক আনোৱাৰ প্ৰমুখ্যে কেইবাজনো কেন্দ্ৰীয় নেতা।

উল্লেখযোগ্য  যে চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ কর্মীসকলে প্ৰথমাৱস্থাত শান্তিপূৰ্ণভাৱে,    কিন্তু  পিছলৈ বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। ইফালে,প্ৰতিবাদী কংগ্ৰেছীক ৰোধিবৰ বাবে প্ৰশাসনৰ      তৰফৰ পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰি প্ৰতিবাদস্থলীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয়।সেই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা আৱেষ্টনী তথা বেৰীকেড ওফৰাই ৰিজাৰ্ভ বেংক অভিমুখে ৰাওনা হয় প্ৰতিবাদকাৰী কংগ্ৰেছীসকল।লগে লগে নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত প্ৰথমে বাক-বিদণ্ডা আৰু   শেষত    পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত  লাঠীচার্জ কৰে  নিৰাপত্তা বাহিনীয়ে।

আনহাতে,আৰক্ষীৰ লাঠীচার্জৰ সমান্তৰালকৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে বহুকেইজন কংগ্ৰেছৰ শীর্ষ  নেতাৰ  লগতে আটক কৰা হয় একাংশ প্ৰতিবাদকাৰীক।আৰক্ষীৰ হাতত প্ৰতিবাদস্থলীত আটক হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাট, বিধায়ক ৰকিবুল হুছেইন,অসম প্ৰদেশ কংগ্ৰেছৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, বিধয়াক ৰেকিবুদ্দিন আহমেদ, বিধায়ক নুৰুল হুদা, বিধায়িকা ৰ'জলিনা তিৰ্কী, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাস, প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, অংকিতা দত্ত প্ৰমুখ্যে প্ৰায় ডেৰ শতাধিক কংগ্ৰেছ কর্মী।

উল্লেখযোগ্য যে আৰক্ষীৰ লাঠীৰ প্ৰহাৰত আহত হয় বহুকেগৰাকী কংগ্ৰেছী।ইফালে আৰক্ষীয়ে আটক কৰি প্ৰতিবাদকাৰীসকলক লৈ যায় পাণবজাৰ আৰক্ষী থানালৈ।

আনহাতে,বিশাল গণ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপি চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰে।তেওঁ কয়-'ডুবিছে অৰ্থনীতি, ডুবিছে দেশ, বিজেপিয়ে কৰিলে সকলো শেষ। অৰ্থনীতিৰ জ্ঞান নাই, দেশ মোডীয়ে বেছি খায়।থাকিলে বিজেপি নাথাকে দেশ, বেছি কিনি খায় সকলো শেষ।'


নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাটে কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়-'মোডী চৰকাৰ অহাৰ পৰা ভাৰতৰ অৰ্থনীতি আজি অন্ধকাৰৰ অটল গৰ্ভত। কৰ্মসংস্থাপন সৃষ্টি 'কমা' অৱস্থাত থকাৰ লগতে কৃষিৰ বিকাশ 'ভেন্টিলেশ্বনত' সোমাই আছে।লগতে কয় মোডী চৰকাৰ শাসনলৈ অহাৰ পৰা দেশত ৪৫ বছৰৰ ভিতৰত নিবনুৱা সৰ্বাধিক বৃদ্ধি হোৱাৰ লগতে বহু লোকে নিজৰ চাকৰি হেৰুৱাইছে।

একেদৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বিধায়িকা নন্দিতা দাসে কয়-'নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ৰাজ্যত বৃদ্ধি পাইছে উগ্ৰপন্থীৰ সমস্যা। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কোৱা বিজেপি দিনতে এতিয়া দিনক দিনে বৃদ্ধি পাইছে বস্তুৰ দাম।'

ইফালে আৰক্ষীৰ হাতত আটক হৈ অংকিতা দত্তই কয়- 'কেৱল পুঁজিপতিৰ কথা চিন্তা কৰা বিজেপিৰ ৰাজ্যৰ দৰিদ্ৰৰ কথা চিন্তা কৰিবলৈ সময় নাই। শান্তিপূৰ্ণ প্ৰতিবাদকাৰী ওপৰত আৰক্ষী লগাই নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে চৰকাৰখনে।'

ইয়াৰ উপৰিও প্ৰতিবাদকাৰীসকলে অসমৰ বন্ধ হৈ থকা দুয়োটা কাগজকল পুনৰুজ্জীৱিত কৰা, এনআৰএল, নিপকো ব্যক্তিগত খণ্ডক হাতত বিক্ৰী কৰা নীতিক বন্ধ কৰিবলৈ দাবী জনায়।

Your Comments