'ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাতো ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত নপৰে।বিদেশী নাগৰিকৰ সমস্যা ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত অসমৰ একে নহয়,সেই কথা সকলোৱে জ্ঞাত।গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ আদিলৈ বিদেশী নাগৰিক আহিছে,তাৰ হাৰ হাজাৰ হিচাপত আছে-কিন্তু অসমলৈ বিদেশী আহিছে লাখ লাখ।১৯৭১ চনলৈকে মানৱীয়তাৰ খাতিৰত ভাৰতবৰ্ষৰ হৈ বিদেশীৰ বোজা অসমে গ্ৰহণ কৰিলে।তাৰ পিছতো ধৰ্মৰ নামত বিদেশীৰ বোজা জাপি দিয়া প্ৰৱণতা কেতিয়াও গ্ৰহণযোগ্য নহয়।তাৰ স্বাৰ্থতে যোৱা জোনাই সাধাৰণ সভাৰ সিদ্ধান্ত অনুসৰি সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে'-এই মন্তব্য 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে সদৌ কামৰূপ(ম)জিলা আৰু সদৌ গুৱাহাটী 'আছু'ৰ উদ্যোগত মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত সোমবাৰে গ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাধাৰণ সম্পাদক গগৈয়ে আৰু কয়-'অসম চুক্তিক নস্যাৎ কৰা কোনোধৰণৰ সিদ্ধান্ত অসমৰ ৰাইজে গ্ৰহণ কৰা নাছিল,এতিয়া কৰা নাই আৰু আহি থকা দিনটো গ্ৰহণ নকৰে।ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰি নাগৰিকত্ব জাপি দিব খোজা চৰকাৰৰ যি অগণতান্ত্ৰিক, অসাংবিধানিক চিন্তা তাক কেতিয়াও গ্ৰহণ কৰা নহ'ব।তেওঁলোকৰ মূল লক্ষ্য ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে অসমৰ ভোট বেংকৰ ৰাজনীতি কৰা।তাৰ বিৰুদ্ধে অসমৰ ৰাইজ,অসম জনসাধাৰণ সজাগ হৈ আজিৰে পৰা আৰম্ভ কৰিছে আন্দোলন আৰু ভৱিষ্যত দিনত ধাৰাবাহিকভাৱে আন্দোলন কৰিব।'
"অসম ৰাইজৰ ওপৰত বলপূৰ্বকভাৱে ক্ষমতাৰে বলিয়ান হৈ,ক্ষমতাত মত্ত হৈ জনগণ গণতান্ত্ৰিক কণ্ঠক ভৰিৰে মোহাৰি 'কেব' জাপি দিবলৈ চেষ্টা নকৰিব।ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি যিকোনো স্তৰৰ,যিকোনো পৰ্যায়ৰ সংগ্রাম কৰিবলৈ অসমৰ জনগণ সাজু হৈ আছে।"বিক্ষোভস্থলীৰ পৰা গগৈয়ে এনেদৰে সকীয়নী দিয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক।
ইফালে,অসমবাসীক আহ্বান জনাই গগৈয়ে কয়-'সংগ্রাম আৰু যুঁজৰ বিকল্প নাই অসমৰ মানুহৰ'।গতিকে অন্যায়ৰ বিৰুদ্ধে অসমবাসীৰ সদায় ঐক্যবদ্ধ হওক।
আনহাতে বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-'দেশ স্বাধীনৰ পিছত গোপীনাথ বৰদলৈ চৰকাৰক দিল্লীয়ে পাকিস্তানৰ পৰা অহা শৰণাৰ্থীসকলক সংস্থাপন দিয়াৰ বাবে মাটি বিচাৰিছিল।সেই সময়ত কিন্তু গোপীনাথ বৰদলৈৰ চৰকাৰে দিল্লীৰ কথাত শৰণাপন্ন হোৱা নাছিল।শক্তিশালীভাৱে কৈছিল-'মাটি নিদিও'।কিন্তু সেই অসমৰে ৰাজনৈতিক নেতাসকলৰ আজি দিল্লীৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নোহোৱা হ'ল।যাৰ বাবে এতিয়া আন্দোলন কৰিব লগা হৈছে।
মেঘালয়ৰ মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ পক্ষত থাকি সাহসত কৈছে 'কেব' নামানো।কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ সেই কথা ক'বলৈ সাহস হোৱা নাই।তাৰ বাবে স্কুল,কলেজৰ ক্লাছ খতি কৰি ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিবলৈ ওলাই আহিব লগা হৈছে। ইয়াৰ উপৰিও আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যে কৰি ভট্টাচাৰ্যই কয়-'বহুসময়ত পৰিয়ালবোৰত আলোচনা হয় আন্দোলন কৰি ছাত্ৰ-ছাত্ৰীয়ে আকৌ হেৰোৱাব লাগিব নেকি পঢ়া-শুনা ।সেই প্ৰসংগত ভট্টাচাৰ্যই কয় 'পঢ়া শুনাও চলিব আৰু প্রয়োজনত আন্দোলন চলিব'।এই দুটা নীতিৰে আমি আগবাঢ়িম।লগতে অসমত যাতে অসমীয়া খিলঞ্জীয়াৰ সদায় প্ৰভুত্ব আৰু নিৰ্ণায়ক ভূমিকা থাকে তাৰ বাবে 'কেব'ক বিৰোধিতা সকলোৱে কৰিব লাগে।
ইফালে সোমবাৰে গ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে 'আছু'ৰ সভাপতি দীপাংক নাথ,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য,মহানগৰীৰ বহুসংখ্যক শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী।
উল্লেখ্য যে অহা ১৮ নৱেম্বৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল জুৰি নেছ'ৰ উদ্যোগত প্ৰতিখন ৰাজ্য ৰাজভৱন আৰু ৰাজধানীত গ্ৰহণ কৰা হব প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটীতো আছুৰ সহযোগত ৰূপায়ন কৰা হব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।
- Log in to post comments
- 17 views