সদৌ অসম উচ্চ আৰু প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাই দেওবাৰে ঘোষণা কৰিলে শিক্ষাবিভাগৰ বিৰুদ্ধে দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী।সেই অনুসৰি অহা ৯ আৰু ১০ নৱেম্বৰত সমগ্ৰ ৰাজ্যত সন্থাই গ্ৰহণ কৰিব ঘাইপথ অৱৰোধ কাৰ্যসূচী। ইয়াৰ পিছতে ১১ নৱেম্বৰত ৰাজ্যজুৰি গ্ৰহণ কৰিব ৰেলপথ অৱৰোধ কাৰ্যসূচী।একেদৰে ১২ নৱেম্বৰত কেইবালক্ষ মধ্যাহ্ন ভোজনৰ কর্মীয়ে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মহানগৰীৰ লাচিত নগৰস্থিত বাসভৱনৰ সন্মুখত ৰূপায়ণ কৰিব অৱস্থান ধৰ্মঘট কাৰ্যসূচী।ইয়াৰ পিছতে কৰ্মীসকলে মধ্যাহ্ন ভোজনৰ চাকৰি ঘূৰাই নোপোৱালৈকে ১৩ নৱেম্বৰৰ পৰা দিছপুৰৰ জনতা ভৱনৰ সন্মুখত গ্ৰহণ কৰিব আমৰণ অনশনৰ কাৰ্যসূচী।
উল্লেখ্য যে ৰাজ্যৰ ২৮খন জিলাৰ প্ৰাথমিক বিদ্যালয়ত নিয়োজিত হৈ থকা ১.২৭ লাখ মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকাক চাকৰিৰ পৰা বঞ্চিত কৰি ১৫টাকৈ এনজিঅ'ক উক্ত জিলাসমূহত মধ্যাহ্ন ভোজন যোগান ধৰাৰ বাবে নিয়োগ কৰিছিল।তাৰ বিৰুদ্ধে তেওঁলোকে ঘোষণা কৰিছে এই আন্দোলনৰ কাৰ্যসূচী।
- Log in to post comments
- 11 views