দিল্লীৰ বিদ্যালয়ত কেচু,পতংগ,চুলি থকা খাদ্য যোগান ধৰি হৈছিল ব্লেক লিষ্টেড:'ঘনশ্যাম সেৱা সমিতি'ৰ  কান্ধত তিনি জিলাৰ বিদ্যাৰ্থীক  মধ্যাহ্ন ভোজন প্ৰদানৰ  দায়িত্ব

Pic

'মধ্যাহ্ন ভোজন যোগান ধৰাৰ নামত অ-পুষ্টিকৰ খাদ্য বিতৰণ কৰাৰ বাবে ২০১৩ চনৰ ২১ আগষ্টত দিল্লী চৰকাৰে ব্লেকলিষ্টেড কৰি সংগঠনটোৰ সৈতে থকা মধ্যাহ্ন ভোজন যোগান ধৰা চুক্তি আৰু  কাম কৰা অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল কৰা বিতৰ্কিত এনজিঅ' ঘনশ্যাম সেৱা সমিতিয়ে এতিয়া শিৱসাগৰ, তিনিচুকীয়া আৰু ধেমাজি জিলাত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন যোগান ধৰিছে'- এই গুৰুতৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্রাম সমিতি কাৰ্যকৰ সভাপতি মানস কোঁৱৰৰ।শনিবাৰে গুৱাহাটীৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত কোঁৱৰে এক সংবাদ মেল সম্বোধন কৰি কয়-  'ৰাজ্যৰ ২৮ খন জিলা প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ খাদ্য যোগান ধৰাৰ বাবে নিয়োগ কৰা  ১৫ টা এনজিঅ'ৰ থাকিব লগা অৰ্হতা আৰু যোগ্যতাক লৈ প্ৰশ্ন আছে।কিয়নো প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন প্ৰস্তুত কৰাত নিয়োজিত হৈ থকা   ১.২৭ লাখ গৰাকী ৰান্ধনীক বঞ্চিত কৰি নিবিদাৰ জৰিয়তে আৱণ্টন দিয়া এনজিঅ'সমূহে প্ৰথম দিনা যোগান ধৰা খাদ্যই প্ৰমাণ কৰে তেওঁলোকে কিমান পুষ্টিকৰ খাদ্য যোগান ধৰিব।

নিবিদাৰ বাবে শিক্ষা বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনত প্ৰকাশ কৰা যোগ্যতাত ৬ নম্বৰত উল্লেখ আছে 'ভাৰত চৰকাৰ বা কোনো ৰাজ্য চৰকাৰে ব্লেক লিষ্টেড কৰা অনুষ্ঠানে আবেদন  কৰিব নোৱাৰিব আৰু তেনে অনুষ্ঠানক বাছনি কৰা নহ'ব।'কিন্তু তাৰ পিছতো কেচু,পতংগ,চুলি থকা অ-স্বাস্থ্যকৰ খাদ্য যোগান ধৰাৰ বাবে দিল্লী চৰকাৰে ব্লেক লিষ্টেড কৰা অনুষ্ঠানে লাভ কৰিলে খাদ্য যোগান ধৰাৰ বাবে  অনুমতি।ইয়াৰ উপৰিও যোগ্যতাৰ ১০ নম্বৰত উল্লেখ আছে-'প্ৰতিটো এনজিঅ'ৰ প্ৰতিখন জিলাত একোটাকৈ ছেমি অটমেতেড কিৎচেন আৰু এটা চেন্ত্ৰেলাইজ কিৎচেন থাকিব লাগে।এতিয়া প্ৰশ্ন হ'ল নিবিদা লাভ কৰা ১৫ টা এনজিঅ'ৰ কোনটো এনজিঅ'ৰ এই যোগ্যতা কেইটা আছে?এইদৰে কয়  কোঁৱৰে।

সমগ্ৰ বিষয়টোত শিক্ষামন্ত্ৰী আৰু মিছন সঞ্চালকালয় জড়িত হৈ কমিছনৰ অংক কৰিছে ছাত্ৰ সংগঠনটোৱে দাবী কৰে। আনহাতে,সংবাদ মেলৰ জৰিয়তে ছাত্ৰ সংগঠনটোয়ে ঘনশ্যাম সেৱা সমিতিৰ দৰে ব্লেক লিষ্টেড  এনজিঅ'ৰ সৈতে কৰা চুক্তি বাতিল কৰি পূৰ্বৰ দৰে পৰম্পৰাগত পদ্ধতিত বিদ্যালয়তে খাদ্য প্ৰস্তুত কৰা ব্যৱস্থা কৰিবলৈ দাবী জনায়।লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে মধ্যাহ্ন ভোজন যোগান ধৰা ১৫ টা এনজিঅ'ৰ প্ৰকৃত স্বৰূপ ৰাইজৰ ওচৰত তথ্য ভিত্তিত দাঙি ধৰা হ'ব বুলি প্ৰকাশ কৰে। সংবাদ মেলত উপস্থিত থাকে সংগঠনটোৰ সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়া আৰু সহ-সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা।

Your Comments