শুকুৰবাৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে উদ্বোধন কৰিব উত্তৰ-পূব গ্ৰন্থমেলা

Pic

উপ-ৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডুৱে
উদ্বোধন কৰাৰ পিছত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা।মহানগৰীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ'ব লগীয়া গ্ৰন্থমেলাখনৰ সামৰণি পৰিব অহা ১২ নৱেম্বৰত।বৃহস্পতিবাৰে এই কথা সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে উত্তৰ-পূব গ্ৰন্থমেলাৰ আয়োজন সমিতি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই।উল্লেখ্য যে বিশিষ্ট  শিক্ষাবিদ টাবুৰাম টাইডৰ সোঁৱৰণত উছৰ্গিত ২১সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত মুঠ ২৭৩খন বিপনীত অংশগ্ৰহণ কৰিছে  ৭৫টা প্ৰকাশন গোষ্টীয়ে।তাৰে ভিতৰত আন্ত:ৰাষ্ট্ৰীয় প্ৰকাশক পেঙ্গুইন-ৰেণ্ডম হাউচ ইণ্ডিয়া, মেকগ্ৰো হিল এডুকেশ্যন, অক্সফোৰ্ড ইউনিভাৰ্চিটি প্ৰেছ অন্যতম।এই কথা জানিবলৈ দিছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে।লগতে তেওঁ জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে আবেলি ৪ বজাত উপ-ৰাষ্ট্ৰপতিয়ে উদঘাটন কৰিব লগা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব  ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,প্ৰাক্তন সাংসদ ৰমেন ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি  ধ্ৰুৱজ্যোতি বৰা প্ৰমুখ্যে বহুসংখ্যক গণ্যমান্য ব্যক্তি।উল্লেখ্য যে এইবাৰৰ গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন হ'ব প্ৰায় ডেৰ শতাধিক অসমীয়া বিভিন্ন গ্ৰন্থ।

ইফালে উদ্বোধনী অনুষ্ঠানলৈ উপ-ৰাষ্ট্ৰপতিৰ আগমনক লৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।উল্লেখযোগ্য যে ৰাইজৰ সুবিধাৰ বাবে গ্ৰন্থমেলাৰ বাকৰিত অস্থায়ীভাৱে স্থাপন কৰা হৈছে এটিএম সেৱা।

Your Comments