কেন্দ্ৰীয় চৰকাৰে অসমৰ জাতীয় সম্পদ ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে সংসদৰ বাহিৰে-ভিতৰে প্ৰতিবাদ হ'ব-কংগ্ৰেছ

Pic

উৎপাদনৰ ক্ষেত্ৰত কোনো দিনে লোকচানৰ সন্মুখীন নোহোৱা ৰাজ্যৰ নুমলীগড় তেল শোধনাগাৰ ভাৰত চৰকাৰে অন্যায়ভাৱে ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে গৰজি উঠিল অসম প্ৰদেশ কংগ্ৰেছ কমিটী।গোলাঘাট জিলাৰ নুমলীগড় তিনিআলিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰি সাব্যস্ত কৰা হয় বিশাল প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী।অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা ,প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,সাংসদ প্ৰদ্যুত বৰদলৈ, গৌৰৱ গগৈ,প্ৰাক্তন সাংসদ সুস্মিতা দেৱ,বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, ৰূপজ্যোতি কুৰ্মী প্ৰমুখ্যে প্ৰায়সংখ্যক জ্যেষ্ঠ নেতা উপস্থিত ধৰ্ণাত  উপস্থিত থাকে।ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকে কংগ্ৰেছৰ কেইবাহাজাৰ কর্মীও।

প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কয়- 'নুমলীগড় শোধানাগাৰ আন্দোলন কৰি পোৱা নহয়। এই শোধানাগাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অৱদান।গতিকে এই শোধানাগাৰ ৰক্ষা কৰিবলৈ ৰাইজৰ সৈতে ঐক্যবদ্ধ হৈ সংগ্রাম কৰিবলৈ কংগ্ৰেছ দায়বদ্ধ।লগতে কয় ৰাজ্যৰ বহুসংখ্যক ৰাজহুৱা খণ্ডৰ উদ্যোগ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব ওলাইছে,তাৰ বিৰুদ্ধে তীব্ৰ সংগ্রাম গঢ়ি তুলিব লাগিব।'


আনহাতে,উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই কয়-'বিজেপি দল আৰু চৰকাৰৰ দৰে কংগ্ৰেছ দলে কেৱল ভাষণত জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা নকয়।হাতে-কামে তাৰ বাবে কাম কৰে।কাৰণ জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথাৰে যি সোণোৱালে চৰকাৰ গঠন কৰিছিল,সেই চৰকাৰৰ দিনতে আজি কেন্দ্ৰৰ মোডী চৰকাৰে অসমৰ জাতীয় সম্পদসমূহ এপদ এপদকৈ বিক্ৰী কৰিবলৈ ওলাইছে।'যাৰ বিৰুদ্ধে কংগ্ৰেছ দলে সংসদৰ ভিতৰৰ  লগতে বাহিৰতো প্ৰত্যেক দিনে প্ৰতিবাদ কৰিব বুলি উল্লেখ কৰে।

Your Comments