বঙাইগাঁৱত 'ৰাইজৰ চ'ৰা'ৰ তৃতীয়খন বৈঠক সম্পন্ন

bgn

বঙাইগাঁওঃ

বঙাইগাঁও জিলা প্ৰশাসনে সুশাসনৰ জৰিয়তে জিলাখনৰ জনসাধাৰণৰ অভাৱ অভিযোগসমূহ থিতাতে নিষ্পত্তি কৰাৰ বাবে অনুষ্ঠিত কৰি অহা 'ৰাইজৰ চ'ৰা'ৰ তৃতীয়খন বৈঠক বুধবাৰে পুৱা  ১০.৩০ বজাৰ পৰা জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হৈ যায় । উল্লেখযোগ্য যে  বঙাইগাঁও জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি এই বৈঠক প্ৰতি মাহৰ ২য় আৰু ৪ৰ্থ মঙলবাৰে অনুষ্ঠিত কৰাৰ ব্যবস্থা প্ৰৱৰ্তন কৰিছিল যদিও উক্ত দিন দুটা যদি কোনো চৰকাৰী বন্ধৰ ভিতৰত পৰে তেনেহলে তাৰ পিছৰ দিনা অনুষ্ঠিত কৰা হ'ব । সেয়ে যিহেতু ৮ অক্টোৱৰৰ দিনটো চলিত মাহৰ দ্বিতীয় মঙলবাৰ আছিল আৰু এই দিনটো শাৰদীয় দুৰ্গাপূজাৰ দশমী উপলক্ষে চৰকাৰী কাৰ্যালয় বন্ধ থকাৰ বাবে  মঙলবাৰৰ পৰিৱৰ্ত্তে বুধবাৰে 'ৰাইজৰ চ'ৰা'ৰ তৃতীয়খন তথা চলিত মাহৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয় । চ'ৰাৰ নিয়ম অনুসৰি পুৱা ৯.৩০ বজাৰ পৰা  ১০.৩০ বজালৈ ৰাইজৰ অভাব-অভিযোগ কোষটোৱে মুঠ ৯ খন অভিযোগ পত্র পঞ্জীয়নভুক্ত কৰি ১০.৩০ বজাৰ পৰা কাৰ্যালয়টোৰ সভা কক্ষত অনুষ্ঠিত হোৱা ৰাইজৰ চ'ৰাত উপস্থাপন কৰে । উপস্থাপন কৰা অভিযোগ পত্র সমূহ আছিল মাটিৰ নামজাৰি , সীমা নিৰ্ধাৰণ, গড়কাপ্তানী ( পথ) বিভাগৰ কালভাৰ্ট মেৰামতি , শিক্ষাৰ্থীৰ জলপানী লাভ নকৰা আদি ।

এই বৈঠকত যোৱা বৈঠকখনত থিতাতে নিষ্পত্তি কৰিব নোৱাৰা যিকেইখন অভিযোগ পত্র সংশ্লিষ্ট বিভাগসমূহলৈ পঠাই দিয়া হৈছিল সেই কেইখনৰ বিষয়ে আলোচনা কৰি আজি থিতাতে নিষ্পত্তি কৰিব নোৱাৰাখিনি সংশ্লিষ্ট বিভাগলৈ ভগাই দি সোনকালে নিষ্পত্তিকৰণৰ বাবে বিষয়বোৰৰ ওপৰত অনুসন্ধান চলাবলৈ উপায়ুক্ত গৰাকীয়ে সংশ্লিষ্ট বিভাগ সমূহক নিৰ্দেশ দিয়ে । বৈঠকত বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰ দেৱী ,অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে ধ্ৰুৱজ্যোতি দাস , অনুপম ডেকা , অৰূপ কুমাৰ শৰ্মা , বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , ৰাজহ চক্ৰ বিষয়া সকলৰ লগতে জিলাখনৰ অন্যান্য বিভাগৰ মুৰব্বী বিষয়া সকল তথা কৰ্মচাৰী সকল উপস্থিত থাকে ।

Your Comments