দশমীৰ নিশা উত্তৰ গুৱাহাটীত ৭০ ফুট ওখ ৰাৱণ দাহ:সাক্ষী হৈ ৰ'ল কেইবাহাজাৰ লোক

Pic

বিগত এমাহৰ পৰা উত্তৰ গুৱাহাটীবাসী অধীৰ আগ্ৰহেৰে ৰৈ আছিল এই সময়খিনিলৈ।দুৰ্গোৎসৱৰ দশমীৰ দিনটোলৈ।কাৰণ,এই দিনটোতে দাহ কৰা হ'ব অশুভ শক্তিৰ প্ৰতীক দশমুণ্ড ৰাৱণক।আজি নিশা উত্তৰ গুৱাহাটীবাসীৰ এই অপেক্ষাৰ অন্ত পৰিল,যেতিয়া দাহ কৰা হ'ল সুউচ্চ অসুৰৰাজ লংকাধীপতি ৰাৱণক।হয়,উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতিৰ দুৰ্গোৎসৱত ৭০ ফুট ওখ ৰাৱণৰ প্ৰতিমা দশমীৰ নিশা দাহ কৰা হ'ল মধ্যমখণ্ডস্থিত দুৰ্গা মন্দিৰৰ খেলপথাৰত।

Rawan Dah

ঠিক ৯ বজাৰ লগে লগে অগ্নি সংযোগ কৰা হয় ৰাৱণৰ প্ৰতিমূৰ্তিটোত আৰু দাও দাওকৈ জ্বলি উঠে লংকাধিপতি দশমুণ্ড ৰাৱণ।লগে লগে ৰাৱণৰ প্ৰতিমূৰ্তিত সংযুক্ত আতচবাজীৰ বিস্ফোৰণ হ'বলৈ আৰম্ভ কৰে।ৰাইজৰ বিপুল হৰ্ষোল্লাসৰ মাজত প্রায় ১৫ মিনিটত ভস্মীভূত হয় ৰাৱণৰ প্ৰতিমূৰ্তি।

Pic

ৰাৱণ দাহৰ আগত আৰু পিছত প্রায় এঘণ্টা সময় ধৰি বৰপেটাৰ আতচবাজী প্ৰদৰ্শন কৰা হয়।আকৰ্ষণীয় আতচবাজীয়ে আকাশ ৰঙীন পোহৰেৰে জাতিষ্কাৰ কৰি তোলাত মন্ত্ৰমুগ্ধ হৈ ৰয় উপস্থিত ৰাইজ।যুৱশিল্পী ৰমেন বৰুৱাই এমাহৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা ৰাৱণৰ প্ৰতিমূৰ্তিটো দাহ কৰা প্ৰত্যক্ষ কৰিবলৈ মধ্যমখণ্ডৰ দুৰ্গা মন্দিৰৰ খেলপথাৰ আৰু কাষৰীয়া এআৰবি পথ লোকে লোকাৰণ্য হৈ পৰে।হাজাৰ-হাজাৰ লোক সমবেত হয় ৰাৱণ দাহৰ অনুষ্ঠানত।

Your Comments