প্ৰাপ্য বোনাচৰ দাবীত বাগিচা শূণ্য কৰি ১২ ছেপ্টেম্বৰত ৰাজ্যৰ চাহ শ্ৰমিকৰ প্ৰতিবাদ

bagisa

নিউজ ডেস্ক :

২০শতাংশ বোনাচৰ দাবীত বাগিচা এৰি ১২ছেপ্টেম্বৰত ৰাজপথলৈ ওলাব ৰাজ্যৰ লক্ষাধিক চাহ-শ্ৰমিক। অচল হৈ পৰিব ৰাজ্যৰ ৮০০শৰো অধিক চাহ বাগিচা। মংগলবাৰে  এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰে অখিল ভাৰতীয় চাহ মজদূৰ সংঘ(অসম)ই।সংঘৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক দীনেশ নায়কে জানিবলৈ দিয়া অনুসৰি  অসম চৰকাৰে বাগিচাৰ কৰ্মচাৰীক ২০শতাংশ বোনাচ দিব বুলি এতিয়ালৈকে কেৱল মুখতহে ঘোষণা কৰিছে।কাৰণ এই ঘোষণা কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগলৈ সোমবাৰ পৰ্যন্ত কোনো লিখিত নিৰ্দেশনা প্ৰদান কৰা নাই। ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়া অনুসৰি চৰকাৰে যদিও ২০শতাংশ বোনাচ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে সেই ঘোষণাৰ পৰা কেৱল অসম চাহ নিগমৰ অধীনৰ ১৪খন বাগানৰ ২০শতাংশতকৈ কম শ্ৰমিকহে উপকৃত হ'ব। কিয়নো অসম চাহ নিগমৰ নামত ১৪খন বাগিচা আছে যদিও বৰ্তমান সময়ত প্ৰায় সংখ্যক বাগিচাৰে অৱস্থা অতি শোচনীয়।ফলত সেই বাগিচা সমূহত ২০শতাংশ বোনাচ দিলেও লোৱাৰ বাবে মানুহৰ সংখ্যা তেনে নগণ্য। তাৰ বিপৰীতে ৰাজ্যত বৰ্তমান সময়ত কোম্পানীৰ বাগিচাৰ সংখ্যা প্ৰায় ৮০০শৰো অধিক। দুৰ্ভাগ্যৰ কথা এয়ে যে অসম চৰকাৰে বাগিচা শ্ৰমিক সকলক ২০শতাংশ বোনাচ দিয়া হ'ব বুলি ঘোষণা কৰিলে যদিও ৰাজ্য চৰকাৰৰে উদ্যোগমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে মালিক পক্ষৰ লগত বুজাবুজি কৰি কোম্পানীৰ বাগিচা সমূহৰ লোকচানৰ কথা কৈ চাহ শ্ৰমিক সকলে ৮.৩৩শতাংশ বোনাচ গ্ৰহণ কৰিব লাগে বুলিহে আবেদন জনাইছে। যি আবেদন কোনো কাৰণতে চাহ শ্ৰমিক সকলে মানি নলয় আৰু সকলো বাগিচাৰে শ্ৰমিকক ২০শতাংশ প্ৰাপ্য বোনাচ প্ৰদান কৰিব লাগিব বুলিও তেওঁ দাবী।নেতা কেইজনৰ স্পষ্ট  কথা কোনো কাৰণতে চাহ কোম্পানী সমূহ লোকচানৰ সন্মুখীন হোৱা নাই। পূৰ্বতকৈ লাভৰ পৰিমাণ ১-২ শতাংশ কম হ'ব পাৰে কিন্তু তাৰ বাবে যে বোনাচ কমাই দিব সেইয়া হ'ব নোৱাৰে। যিহেতু কোম্পানীৰ অধিক লাভ হলে শ্ৰমিকক অধিক বোনাচ প্ৰদান নকৰে। 

মহানগৰীৰ নিজৰাপাৰা চিআইটিইউ কাৰ্যলয়ত আয়োজন কৰা সংবাদ মেলখনত সংঘৰ সভাপতি ৰয়েল চৰেংয়ে কয় "চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে কাছাৰ ডলো চাহ বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিক সকলক শোষণ কৰাৰ অৰ্থেই পূৰ্বতে কেতিয়াও নেদেখা কিছু অযুক্তিকৰ নিয়ম সংযোজন কৰিছে।যোৱা ৩ছেপ্টেম্বৰত বাগিচাখনে জাৰি কৰা নিয়ম অনুসৰি যিসকল শ্ৰমিক ২৮০দিনৰ ওপৰত কামত উপস্থিত থাকিব সেই সকলক ২০শতাংশ, ২০০দিনৰ পৰা ২৭৯দিনলৈকে উপস্থিত থকা সকলক ১৪শতাংশ, ১০০পৰা ১৯৯দিন থকা সকলক ১২শতাংশ আৰু ৩০ৰ পৰা ৯৯দিন উপস্থিত থকা সকলক ১০ শতাংশ দিয়াৰ বাবে যি নিয়ম উলিয়াইছে তাক প্ৰত্যাহাৰ কৰি সকলো শ্ৰমিককে সমান বোনাচ দিয়াৰ বাবে দাবী জনায়"।

ইয়াৰ উপৰিও সভাপতি চৰেংয়ে কয় যে ৰাজ্য চৰকাৰে ভোটৰ স্বাৰ্থত বাগানৰ শ্ৰমিকক বিনামূলীয়া চাউল,চেনী, চৰ্দাৰক মোবাইল ফোন যোগান ধৰিলে ঠিকেই কিন্তু আৰ্থিক দুৰৱস্থাত যন্ত্ৰণাকাতৰ শ্ৰমিক সকলক আইনমতে মালিকে দিব লগা ৩৫১টকা দৈনিক মজুৰি পৰা বঞ্চিত কৰিলে। ফলত ২০১৮চনৰ প্ৰথম জানুৱাৰীৰ পৰা ২০১৯চনৰ প্ৰথম জানুৱাৰীলৈ ৰাজ্যৰ প্ৰতিগৰাকীক চাহ শ্ৰমিকে হেৰুৱাবলগীয়া হৈছে ৭৮০০০টকাকৈ।

চৰকাৰক সকীয়নি প্ৰদান কৰি নেতাজনে পুনৰ কয় যে "সোনোৱাল চৰকাৰে বাগিচা মানুহক মৰম কৰা বুলি মুখত কৈ থাকে যদিও প্ৰাপ্যৰ ক্ষেত্ৰত কিন্তু ঐতিহাসিক প্ৰতাৰণা কৰিছে।চাহ কোম্পানীৰ মালিকৰ লগত নিজৰ স্বাৰ্থত গোপন বুজা-বুজি কৰি শ্ৰমিকক সকলৰ জীৱন ধ্বংস কৰিব বিচাৰিছে" চৰকাৰে।

একেদৰে চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰাপ্যৰ মজুৰিৰ বিষয়টো অহা নৱেম্বৰৰ ভিতৰত যদি সমাধান নহয় তেন্তে অনাগত দিনত ৰাজ্য হাজাৰ হাজাৰ চাহ শ্ৰমিকে প্ৰতিবাদী জংগী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আজি সংবাদ মেলত ঘোষণা কৰে।

Your Comments