বিশিষ্ট শিক্ষাবিদ,ভাষাবিদ টাবুৰাম টাইডৰ বিয়োগ

taid

মিচিং সাহিত্যৰ পিতৃস্বৰূপ, বিশিষ্ট ভাষাবিদ,শিক্ষাবিদ টাবুৰাম টাইডৰ আজি দেহাৱসান ঘটে।মিচিং সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি টাইডে গুৱাহাটীৰ এপ'ল হাস্পতালত শনিবাৰে পুৱা ৭.৩০ বজাত শেষনিশ্বাস ত্যাগ কৰে।শাৰীৰিক অসুস্থতাৰ বাবে দীর্ঘদিনৰ পৰা তেওঁ গুৱাহাটীৰ এপ'ল হাস্পতালত  চিকিৎসাধীন হৈ আছিল। ১৯৪১ চনত লখিমপুৰৰ ঘূনাসুঁতিৰ এটা মিচিং পৰিয়ালত টাইডে জন্মগ্ৰহণ কৰিছিল।তাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 


ইফালে,টাইডে কটন কলেজৰ পৰাই ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।১৪ বছৰ কটন কলেজত শিক্ষকতা কৰাৰ পিছত টাইডে শিক্ষকতাৰ চাকৰি ত্যাগ কৰি শিক্ষা বিষয়া হিচাপে যোগদান কৰে।তাৰ পিছতে টাইডে 'ছেবা'ৰ  অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।


অসম চৰকাৰৰ চ্যুকাফা বঁটা, সাহিত্য অকাডেমীৰ ভাষাবিদ বঁটা,অসম সাহিত্য সভাৰ বাসুদেৱ জালান বঁটাকে ধৰি বহুকেইটা বঁটা লাভ কৰিছিল বিশিষ্ট ভাষাবিদগৰাকীয়ে।বিশিষ্ট ভাষাবিদগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৭বছৰ।


ইফালে,ভাষাবিদ টাবুৰাম টাইডৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী নৱ দলে প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তিয়ে।

Your Comments