অংগদানৰ সজাগতা বৃদ্ধিৰ বাবে জুবলী ফাউণ্ডেচনৰ চাইকেল ৰেলী

cycle

বিশ্ব অংগদান দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে পুৱাই গুৱাহাটী মহানগৰীত জুবলী ফাউণ্ডেচনে উলিয়াই এটা চাইকেল ৰেলী।মানুহৰ মাজত অংগদান সম্পৰ্কে থকা ভুল ধাৰণাসমূহ নাইকিয়া কৰি অংগদান সম্পৰ্কে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে উলিওৱা এই চাইকেল ৰেলীটোৰ নাম দিয়া হয় 'চাইকেল-টু-ৰি-চাইকেল।'


পুৱাই গুৱাহাটী চিৰিয়াখানাৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰি কন্ঠশিল্পী জুবলী বৰুৱাই কয়-'যদিও আন্ত:ৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় কোনো সংগঠনে আজিৰ দিনটো বিশ্ব অংগদান দিৱস হিচাপে ঘোষণা কৰা নাছিল তথাপিও আমাক এটা সুযোগ লাগে আৰু সেই সুযোগ পালে আমি ওলাই আহোঁ।'লগতে তেওঁ আহ্বান জনায়-'সমাজৰ প্ৰতিজন মানুহে ওলাই আহি অংগদান কৰক।কাৰণ এজনৰ অংগই সমাজৰ  ৯ জন ব্যক্তিক দিব পাৰে জীৱনদান।'


ইফালে,ৰেলীত অংশগ্ৰহণ কৰি জুবলী ফাউণ্ডেচনৰ চিইঅ' প্ৰিয়ংকা বৰাই নৱপ্ৰজন্মৰ মাজত অংগদানৰ সজাগতা অনাৰ বাবে ২০১৩ চনৰ পৰাই কাম কৰি থকাৰ বিষয়ে কয়।সেই কাৰ্যৰে অংশ হিচাপে আজি চাইকেল ৰেলী উলিওৱা হয় বুলিও তেওঁ জানিবলৈ দিয়ে।


উল্লেখ্য যে চাইকেল-টু-ৰি- চাইকেল শীর্ষক আজিৰ ৰেলীত অংশগ্ৰহণ কৰে প্ৰায় ৩০ গৰাকীকৈ চাইক্লিষ্টে। চিৰিয়াখানাৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী চানমাৰি-গুৱাহাটী ক্লাব হৈ গণেশগুৰিৰ পৰা পুনৰ চিৰিয়াখানালৈ উভতি আহে।

Your Comments