অম্বুবাচী : ২৫লাখ ভক্তক আদৰিবলৈ সাজু ৰাজ্যৰ পৰ্যটন বিভাগ

ambubashi

নিউজ ডেস্ক :

আগন্তক অম্বুবাচীৰ মেলাৰ প্ৰস্তুতিৰ সন্দৰ্ভত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই আজি এক সংবাদমেলৰ আয়োজন কৰে ৷অসম পৰ্যটন নিগমৰ ভৱনত অনুষ্ঠিত উক্ত সংবাদ মেলখনত অধ্যক্ষ বৰুৱাই কয় যে অহা ২২ জুনৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত হব লগীয়া এইবাৰৰ অম্বুবাচী মেলা উদ্বোধন কৰা হব ২১জুনত। মহানগৰীৰ সোনাৰাম খেলপথাৰত বিয়লি ৪ বজাত উদ্ধোধন কৰিব ভাৰতৰ পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে ৷ উক্ত  অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,আৰু ৰাজ্যিক পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ উদ্ধোধনী অনুষ্ঠানত  সন্ধিয়ালৈ আয়োজন কৰা হ'ব এক সাংস্কৃতিক সন্ধিয়াৰ ৷ সাংস্কৃতিক অনুষ্ঠানত দেৱী বন্দনা পৰিবেশন কৰিব বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাস খেৰে ।উল্লেখ্য যে এইবাৰৰ অম্বুবাচীৰ মেলাৰ বাবে ২২ জুনৰ পৰা ২৫ জুনলৈকে বন্ধ থাকিব কামাখ্যাৰ মূল দূৱাৰ ৷ 

আনহাতে যোৱা বৰ্ষৰ দৰে এইবাৰো সোনাৰাম খেলপথাৰত ২২ জুনৰ পৰা ২৮ জুনলৈকে প্ৰত্যেক দিনে আবেলি ৩ বজাৰ পৰা ৰাতি ৮ বজালৈকে সপ্তাহ যোৰা কাৰ্যসূচীৰে দেৱী ভাগৱত পাঠ অনুষ্ঠিত হ'ব ৷ সাধবী অদীতি ভাৰতী আৰু দিব্যজ্যোতি সংস্থা নামৰ এটা অনুষ্ঠানে পাঠ কৰিব এই দেৱী ভাগৱত।

ইফালে প্ৰতিবছৰৰ দৰে এইবাৰো ভক্ত সকলৰ কাৰনে পৰ্যটন বিভাগে স্থাপন কৰিব মুঠ চাৰিটাকৈ ভক্তৰ শিবিৰ।পূৰ্বৰ তুলনাত এইবাৰ এটা ভক্তৰ শিবিৰৰ সংখ্যা কম হ'ব যদিও শিবিৰ সমূহত পুৰ্বতকৈ ২০ শতাংশ বৃদ্ধি হ'ব ভক্ত পৰা ক্ষমতাৰ। সেই অনুসৰি ফাচী বজাৰৰ জেল ৰোডত নিৰ্মান হব ২০ৰ পৰা ২৫ হাজাৰ ভক্ত থাকিব পৰা শিবিৰ এটা বৃহৎ শিবিৰ৷ ইয়াৰ উপৰিও বৰীপাৰা তৰুন সংঘ খেল পথাৰ, পুৰনি পাণ্ডু ৰেল ষ্টেচন আৰু নাহৰপাৰাত নিৰ্মান কৰা হ'ব ভক্তশিবিৰ। শিবিৰ সমূহত ৩ ৰ পৰা ৮ হাজাৰকৈ ভক্ত থাকিব পাৰিব বুলি আজি সংবাদ মেলত জানিবলৈ দিয়ে।

ইফালে যোৱা বছৰৰ দৰে এইবাৰো লেজাৰ হেড কাউন্টিং ব্যৱস্থা থাকিব ৷ যোৱা বৰ্ষৰ লেজাৰ হেড কাউন্টিংৰ হিচাপ অনুসৰি ২০ লাখৰো অধিক ভক্ত অম্বুবাচীলৈ আহিছিল ৷ তাৰ তুলনাত এইবাৰ পৰ্যটন বিভাগে ২৫ লাখ ভক্তক আদৰিবলৈ সাজু হোৱা বুলি জানিব দিয়ে। একেদৰে যান-য'তৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেৱল দিব্যাংগ,জ্যেষ্ঠ আৰু ছাত্ৰ ছাত্ৰীৰ বাবেহে এইবাৰ বাছৰ ব্যৱস্থা কৰিব পৰিবহন নিগমে।তাৰ বাহিৰে অম্বুবাচী দিন কেইটাত কোনো বাহন নিব নোৱাৰিব কামাখ্যা মন্দিৰলৈ ৷ পৰ্যটন বিভাগে উল্লেখ কৰা অনুসৰি কামাখ্যা মন্দিৰলৈ যান বাহন চলাচল কৰা এটা পথৰ উপৰিও ভক্ত সকল যোৱাৰ বাবে অন্য তিনিটা পথৰ ব্যৱস্থা কৰিব ৷সেই পথ সমূহৰে সহজে খোজ কাঢ়ি মন্দিৰলৈ ভক্তসকল মন্দিৰলৈ যাব পাৰিব বুলি সংবাদ মেলৰ জৰিয়তে ব্যক্ত কৰে। একেদৰে পৰ্যটন বিভাগে জানিব দিয়া অনুসৰি তিনিওটা পথতে ভক্ত সকলৰ সুবিধাৰ্থে স্থাপন কৰা হব শৌচালয়, খোৱাপানী, জিৰণি গৃহ ৷ ইয়াৰ উপৰিও ভক্ত সকলে উঠোতে যাতে কোনো কষ্ট নাপায় তাৰ বাবে ৰেলিংৰো ব্যৱস্থা থাকিব ৷ সমগ্ৰ কামাখ্যা পাহাৰত অম্বুবাচীৰ দিন কেইটাত অসম পৰ্যটন বিভাগে ধৰ্মীয় সংগীত বজাই ৰখাৰ ব্যবস্থা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে ভক্তসকলৰ জোতা-চেণ্ডেল ৰখাৰ বাবে এইবাৰ পৰ্যটন বিভাগে স্থাপন কৰিব বিশেষ নিৰ্দিষ্ট কক্ষ। ইফালে অম্বুবাচীৰ দিনকেইটা যাতে কামাখ্যা মন্দিৰৰ পথত কোনো যান-যতৰ সৃষ্টি নহয় তাৰ বাবে ভক্তসকলক খোজ কাঢ়ি মন্দিৰলৈ যোৱাৰ বাবে আজিৰ সংবাদমেলতে আহ্বান জনায়।বৰুৱাই লগতে কয় যে কেৱল জৰুৰীকালীন বাহনৰ বাদে অন্য কোনো বাহন অম্বুবাচীৰ দিন কেইটাত যাব নোৱাৰিব কামাখ্যা মন্দিৰলৈ। আনকি পৰ্যটন বিভাগে জানিবলৈ দিয়া অনুসৰি এইবাৰ ভিআইপি পাছৰ ব্যৱস্থাও নাথাকিব। 

ইফালে অম্বুবাচী মেলা চাবলৈ অহা দিনকেইটাত ভক্তসকলে যাতে উমানন্দ মন্দিৰলৈ যাব বিচাৰিলে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সোনাৰাম খেল পথাৰৰ কাষৰ পৰা প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে চলাচল কৰিব ফেৰী সেৱা।
 
ইয়াৰ উপৰিও আজি সংবাদ মেলত জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ বছৰ সমূহৰ হিচাপ অনুসৰি কোন কোন ৰাজ্যৰ পৰা অধিক পৰ্যটক আহিছে তাৰ ওপৰত ভিত্তি কৰি সেই ৰাজ্যসমূহত পৰ্যটনৰ প্ৰচাৰ চলোৱা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।ইয়াৰ উপৰিও তেওঁকয় যে দিল্লী আৰু কলিকতাৰ ৰাজপথত অম্বুবাচীৰ প্ৰচাৰ চলোৱা বাবে ইতিমধ্যে অসম পৰ্যটন বিভাগে হৰ্ডিং লগোৱা কাম আৰম্ভ কৰিছে। এই হৰ্ডিংৰ ব্যৱস্থা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ লগতে দিল্লী আৰু কলকাতা বিমানবন্দৰতো লগোৱা বুলি তেওঁ উল্লেখ কৰে। 
আনহাতে অম্বুবাচীৰ মেলাখন যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে প্ৰতিটো বিভাগে নিজৰ নিজৰ দায়িত্ব সমূহ পালন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। সেই অনুসৰি এইবাৰ অম্বুবাচীৰ মেলাৰ মুঠ বাজেট হৈছে ২কোটি ৬০লাখ টকা।তাৰে ১কোটি ৩৬লাখ টকা অসম পৰ্যটন বিভাগৰ।

 আজি এই সংবাদ মেলত উপস্থিত থাকে অসম পৰ্যটন বিভাগৰ সঞ্চালক দেৱ মিশ্ৰৰ লগতে পৰিচালক সঞ্চালক ভাস্কৰ ফুকনো।

Your Comments