নগাঁৱত দুই দুৰ্ধষ ডকাইতক গ্ৰেপ্তাৰ : তিনিটা সজীৱ গুলি উদ্ধাৰ

SOR

নগাঁও, ১১ জুন :

নগাঁও আৰক্ষীয়ে মঙ্গলবাৰে বিয়লি ৩ বজাত হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙনীৰ পৰা ২ জন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুটা হ'ল ৰূপহীৰ বাহাৰুল ইছলাম আৰু জুৰীয়াৰ জাকিৰ হুছেইন। আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা নইন এম এম পিষ্টলসহ তিনি জাই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে ২টা মবাইল ফোনৰ লগতে কিছু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। এই দুৰ্ধষ ডকাইত দুটা চিলঙনী অঞ্চলত ঘুৰি ফুৰাৰ খবৰ স্থানীয় সুত্ৰে লাভ কৰি- নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই ডকাইত দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, এই দুৰ্ধষ ডকাইত দুটা বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত। জুৰীয়াৰ জাকিৰ হুছেইন নামৰ ডকাইটোৰ বিৰুদ্ধে জুৰীয়া থানাত এক অপৰাধ জনিত গোচৰ ৰুজু হৈ আছে। জানিব পৰা মতে, চলিত বৰ্ষৰ ২৫ এপ্ৰিলত নুৰ হুছেইন নামৰ এজন লোকৰ হত্যাৰ অভিযোগত অভিযুক্ত। এই সন্দৰ্ভত জাকিৰ হুছেইনৰ বিৰুদ্ধে জুৰীয়া থানাত ভাৰতীয় দণ্ড বিধিৰ অধীনত ১৪৩/ ১২০ বি /৩০২/৫০৬ ধাৰাৰ অধীনত ১৪৭/ ১৯ নম্বৰৰ গোছৰ ৰুজু হৈ আছে। 


ৱাহিদুদ জামান

Your Comments