অৰুণাচলত ওলাল বায়ুসেনাৰ সন্ধানহীন এএন ৩২ বিমানৰ ধ্বংসাৱশেষ

plane

নিউজ ডেস্ক:

অৱশেষত একেৰাহে আট দিন ধৰি তালাচী অভিযানৰ পিছত ভাতীয় বায়ুসেনাৰ সন্ধানহীন হোৱা এএন-৩২ বিমানখনৰ ধ্বংসাৱশেষৰ সন্ধান ওলাল। আজি অরুণাচল প্রদেশে লিপো ১৬ কিলোমিটা উত্তৰত চিয়াং জিলাৰ এখন গাঁৱত বিমানখনৰ ধ্বংসাৱশেষ আবিষ্কৃত হয়। ভারতীয় বায়ুসেনা এক বিবৃতিত এই কথা জানিবলৈ দিয়ে।

বায়ুসেনাৰ বিবৃতিত কোৱা হয় যে বায়ুসেনা এমআই-১৭ হেলিকপ্টাৰৰ জৰিয়তে অঞ্চলটোত তালাচী চলোৱাৰ সময়তে বিমানখনৰ ধ্বংসাৱশেষ  অভিযানকাৰীসকলৰ দৃষ্টিগোচৰ হয়। বিমানখন সন্ধানহীন হোৱাৰ পিছৰে পৰা যোৱা এসপ্তাহৰো অধিক কাল ধৰি বায়ুসেনাই বিমানখন বিচাৰি উলিওৱাৰ বাবে তালাচী অভিযান চলাই আছিল। ইতিমধ্যে সন্ধানহীন বিমানখনৰ ১৩ জন আৰোহী জীৱিত আছে নে নাই সেই সম্পৰ্কে বায়ুসেনাৰ বিবৃতিত একো জনোৱা হোৱা নাই।

বায়ুসেনা সূত্র জনায় যে, দুর্গম পাৰ্বত্য এলাকা আৰু প্রতিকূল বৰতৰ কাৰণে তোওঁলোকৰ বাবে তালাচী অভিযান চলোৱাটো কঠিন হৈ পৰিছিল।তথাপি অভিযান অব্যাহত আছিল। বিমানখন সন্ধানহীন পোৱাৰ পিছৰে পৰা বায়ুসেনা চি-১৩০জে বিমান, ছুখই এইউ-৩০, নৌসেনা পি৮-আই বিমানেৰে তালাচী অভিযান চলোৱা হয়।তদুপৰি অভিযান সেনাবাহিনীৰ হেলিকপ্টাৰো ব্যৱহাৰ কৰা হয়। লগতে সাহায্য নেওয়া হয় ইছৰ’ৰ উপগ্রহ আৰু ড্রোনৰো সহায় লোৱা হয়নিশাৰ ভাগতো কেইবাদিনো ধৰি তালাচী অভিযান চলোৱা হৈছিল। সেনা আৰু বায়ুসেনাৰ উপৰি অরুণাচল চি য়োমি চিকাৰীসকলকো তালাচী অভিযানত নিয়োগ কৰা হৈছিল সন্ধানহীন বিমানখনৰ সন্ধান দিব পাৰিলে ৫ লাখ টকা পুস্কাৰ দিয়া হ’ব বুলিও বায়ুসেনাঘোষণা কৰিছিল।

যোৱা ৩ জুন যোহাটৰ পৰা ১৩ জন আৰোহীক লৈ বিমানখন অৰুণাচলৰ উদ্দেশে ৰাওনা হৈছিল।

Your Comments