NHPCৰ পৰা ১পইচা ধন লোৱা তথ্যৰ প্ৰমাণ দিলে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম- লুৰীণজ্যোতি গগৈ

A

নিউজ ডেস্ক:

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদে এনএইছপিচিৰ পৰা নিৰ্বাচনৰ আগত ধন লোৱা বুলি এটা ভাইৰেল টেলিফোনিক বাৰ্তালাপক কেন্দ্ৰ কৰি মঙলবাৰে অসম জাতীয় পৰিষদৰ গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰা হয় ।সভাপতি-সম্পাদকে যৌথভাৱে সম্বোধন কৰা সংবাদ মেলখনত বিশেষ ফোন ৰেকৰ্ডিঙৰ সত্যতা
নিৰূপণ নকৰাকৈ নিউজ আকাৰে একপক্ষ ভাৱে প্ৰকাশ কৰা একাংশ ৱেব পৰ্টেল, এটা চেটেলাইট চেনেলৰ বিৰুদ্ধে সৰৱ হৈ পৰে।এজেপিৰ সভাপতি তথা দলক জনমানসত হেয় প্ৰতি পন্ন কৰা কূট কৌশল বুলি উল্লেখ কৰে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই।বিশেষ টেলিফোন   ট্ৰেপিংটো বাতৰি আকাৰে প্ৰকাশ কৰাৰ পূৰ্বে কি কাৰণত এজেপি নেতৃত্বৰ মতামত এবাৰ লোৱা নহল বুলিও সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে ভূঞাই।ইফালে টেলিফোনিক বাৰ্তালাপৰ আধাৰত বাতৰি নকৰা সংবাদ মাধ্যমক ধন্যবাদ জনায় সাধাৰণ সম্পাদক গৰাকীয়ে।

আনহাতে, সমগ্র টেলিফোনিক বাৰ্তালাপটোৰ সন্দৰ্ভত লুৰীনে আক্ষেপ প্ৰকাশ কৰি কয়-কোনো ধৰণৰ যুক্তিযুক্ততা নোহোৱাকৈ পৰিকল্পিতভাৱে লুৰিন জ্যোতি গগৈ আৰু এজেপিৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ একাংশ মাধ্যমে এই বাতৰি পৰিৱেশন কৰিছে।

আছুৰ দুগৰাকী কর্মীৰ মাজত চলা বাৰ্তালাপটো প্ৰায় দুমাহৰ পূৰ্বতে প্ৰকাশ পাইছিল।কিন্তু শেহতীয়া ভাৱে কিয় প্ৰকাশ কৰা হ'ল বুলিও বিশেষ সংবাদ মাধ্যম কেইটাৰ নাম প্ৰকাশ কৰি প্ৰশ্ন তোলে গগৈয়ে।

'জাতিৰ বিৰুদ্ধে গাড্ডাৰ নকৰো। অটল আছো নিজৰ স্থিতিত'- গগৈয়ে কয়।

আনহাতে, সংবাদ পৰিৱেশন কৰা বিশেষ ৱেব পৰ্টেল আৰু চেনেলৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰাৰ লগতে ক্ৰিমিনেল গোচৰ দিয়া হ'ব বুলি সংবাদমেলত ঘোষণা কৰে গগৈয়ে।

লগতে প্ৰত্যাহ্বান জনাই তেওঁ কয়- এনএইচপিচি কৰ্তৃপক্ষ পৰা কোটি নালাগে ১পইচা লোৱা বুলি তথ্যৰ  প্ৰমাণ কোনোবাই দিব পাৰিলে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম।গাদী ৰক্ষা কৰা ৰাজনীতিকৰ নিৰ্দেশত একাংশ সংবাদ মাধ্যমে এই কাম কৰাৰ বুলিও গগৈয়ে কয়।

ইফালে এনএইচপিচিৰ পৰা যি ৰাজনৈতিক, অ-ৰাজনৈতিক জাতীয়-দল সংগঠনে আৰম্ভনিৰ পৰা বৰ্তমানলৈকে ধন সংগ্ৰহ কৰি আহিছে তাৰ RTI তথ্য প্ৰয়োজনত ৰাজহুৱা কৰিব বুলিও উল্লেখ কৰে গগৈয়ে।

Your Comments