Farm Law:তিনিখনকৈ বিতর্কিত কৃষি আইন প্রত্যাহাৰৰ ঘোষণা মোডীৰ

A



নিউজ ডেস্ক:
বিতর্কিত তিনিখন কৃষি আইন প্রত্যাহাৰ কৰিছে কেন্দ্রই।যোৱা প্রায় এবছৰ ধৰি এই আইনক লৈ আন্দোলন কৰিছিলে কৃষকসকলে ।
শুক্রবাৰ অৰ্থাৎ আজি পুৱা ৯ বজাত জাতিৰ উদ্দেশ্যে দিয়া এক ভাষণত এই কথা জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। মোদীয়ে আক্ষেপ কৰি কয় যে , ‘‘আমাৰ উদ্দেশ্য সৎ আছিল। কিন্তু কৃষি আইনৰ সুফলৰ কথা কিছু কৃষকক আমি বুজাব নোৱাৰিলো ।"
আজি গুৰু নানক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষকসকলক আন্দােলন পৰিহাৰ কৰি পুনৰ উভতি যাবলৈ আহ্বান জনায়।
তেওঁ কয় যে সাংবিধানিক প্ৰক্ৰিয়াৰে ৩খন কৃষি আইন সংসদৰ শীতকালীন অধিৱেশনত প্ৰত্যাহাৰৰ বাবে ব্যৱস্থা হাতত লােৱা হ’ব।

Your Comments