ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়া জ্যোতিৰেখা দাস

Jyoti Rekha Das

ঘোচ লৈ মঙলদৈত হাতে-লোটে ধৰা পৰি দুৰ্নীতি অৰ্থনৈতিক অপৰাধ নিয়ন্ত্ৰণ শাখাৰ হাতত গ্ৰেপ্তাৰ হ’ল খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়া জ্যোতিৰেখা দাস ৷

জানিব পৰা মতে, এখন দুচকীয়া বাহনেৰে আহি মঙলদৈ চহৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত উপভোক্তাৰ পৰা ৫০ হাজাৰ টকা গ্ৰহণ কৰা অৱস্থাতে ধৰা পৰে বিষয়া গৰাকী ৷ উল্লেখ্য যে ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীক জেৰাৰ বাবে লৈ যোৱা হৈছে ৷

Your Comments