ভাঙি পৰিছে ইভ’লিউচন থিয়’ৰীৰ স্মৃতি বিজড়িত ডাৰউইনচ্‌ আৰ্চ

Darwin's Arch

ভাঙি পৰিছে বিখ্যাত ডাৰউইনচ্‌ আৰ্চ। এই আর্চ সুবিখ্যাত গেলাপাগোছ দ্বীপপুঞ্জত আছে। জানিবলৈ পোৱা গৈছে আর্চৰ ওপৰৰ অংশ ভাঙি তলত পৰি আছে ভঙা পাথৰৰ স্তূপ ৷ সংশ্লিষ্ট কর্তৃপক্ষই জনাইছে, পাথৰৰ প্রাকৃতিক ক্ষয়কার্যৰ ফলতেই এই ধবংস। Ecuador's Environment Ministryএ সোমবাৰে তেওঁলোকৰ ফেচবুক পেজত এই খবৰ প্ৰকাশ কৰিছে। 

প্রশান্ত মহাসাগৰৰ গেলাপাগোছ দ্বীপপুঞ্জত অৱস্থিত এই ডাৰউইনচ্‌ আর্চ। মহাসাগৰৰ অপাৰ সুনীল জলৰাশিৰ মাজত তোৰণসদৃশ  এই প্রাকৃতিক শিলাখণ্ড দৃশ্য হিচাপে অপূর্ব। প্রাকৃতিক সৌন্দর্যৰ বাবে বিখ্যাত এই ডাৰউইনচ্‌ আর্চ। 

Galapagos island

এই পাথৰৰ আর্চটো ১৪১ ফুট উচ্চতাৰ, ২৩০ ফুট দীর্ঘ, ৭৫ ফুট প্রস্তৰ। বিখ্যাত ডাৰউইন দ্বীপপুঞ্জৰ আধা মাইলৰ ভিতৰত এইটো অৱস্থিত।

Darwin

ব্রিটিছ প্রকৃতিবিদ আৰু বিশ্বৰ প্রাণীজগতৰ বিৱর্তন তত্ত্বৰ উদ্ভাৱক চার্লছ ডাৰউইনৰ নামত এই আর্চৰ নামকৰণ কৰা হয়। মূল ভূখণ্ডৰপৰা প্রায় ৯৬৫ কিমি পশ্চিমত প্রশান্ত মহাসাগৰত অৱস্থিত গেলাপাগোছ দ্বীপপুঞ্জ ইকুয়েডৰৰ সীমাৰ অন্তৰ্ভুক্ত। 

এই দ্বীপপুঞ্জৰ প্রাণী আৰু উদ্ভিদৰ বৈচিত্র্য অসাধাৰণ। সেই বাবেই চার্লছ ডাৰউইনে তেওঁৰ কামৰ বাবে এই দ্বীপটো নিৰ্বাচন কৰি লৈছিল। এবং ইকুয়েডৰৰপৰা সুদূৰ এই দ্বীপতেই পর্যবেক্ষণ কৰি কৰি ডাৰউইনে তেওঁৰ বিৱর্তন তত্ত্ব উদ্ভাৱন কৰিছিল। কেৱল স্থলচৰেই নহয় এই দ্বীপটোৰ সংলগ্ন পানীত বিচিত্র জলজ প্রাণী আৰু উদ্ভিদো দেখা যায়। 

Galapagos island

গেলাপাগোছ দ্বীপপুঞ্জ ২৩৪টা দ্বীপকোলৈ গঠিত। ইয়াৰ ভিতৰত মাত্র চাৰিটাতে ৩০,০০০ মানুহ থাকে। এই দ্বীপপুঞ্জৰ অপৰূপ জীৱবৈচিত্র্যত আকৰ্ষিত হৈ আজিও ইয়ালৈ যায় পর্যটকসকল।

Your Comments