শনিবাৰে তিনিচুকীয়াৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

HBS

ৰাজ্যত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ক'ৰনা সংক্ৰমণে।দৈনিক হাজাৰ হাজাৰ আক্রান্ত ধৰা পৰাত  উদ্বিগ্ন প্ৰশাসন তথা স্বাস্থ্য বিভাগ।

শনিবাৰে তিনিচুকীয়াৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তিনিচুকীয়া অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লয়।

উল্লেখ্য যে, কামৰূপ(ম), ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ উপাযুক্তক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।ইয়াৰোপৰি তিনিওখন জিলাত সান্ধ্য আইন দুঘণ্টা আগবঢ়াই দিয়াৰ পৰামৰ্শ দিয়ে। অৰ্থাৎ বৰ্তমানৰ ২ বজাৰ পৰিৱৰ্তে ১২বজাৰ পৰা জিলা কেইখনত ক’ভিড নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন ব্যৱস্থা প্ৰয়োগ কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰী গৰাকীৰ।

Your Comments