বকোত ইভিএমত বন্দী হ'ল জ্যোতি,গোপী আৰু নন্দিতাৰ ভাগ্য

Pic

*বকোত ৮০ শতাংশ ভোটদান*

#বকোৰ পৰা বিষ্ণুৰাম দাস,৬ এপ্ৰিল:

ৰাজ্যত আজি সামৰণি পৰিল তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ।কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিত তিনিটা ৰাজহ চক্ৰ আৰু ছাব্বিশটা গাঁঁও পঞ্চায়ত সামৰি গঠিত সমষ্টিৰ ভোটাৰৰ সংখ্যা ২ লাখ,৩৬ হাজাৰ ৬৬১ গৰাকী।এই বৃহৎসংখ্যক ভোটাৰ ৰাইজৰ ৮০ শতাংশই আজি ভোটদান কৰে।পুৱা ৭ বজাৰ পৰা ভোট দান আৰম্ভ হয়।পুৱা ১০ বজাৰ আগে আগে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক বিজেপি মিত্ৰজোঁঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে ভোটদান কৰে নিজৰ গাঁঁও ডাকুৱাপাৰাস্থিত প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত।ইফালে,তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গোপীনাথ দাসে ভোটদান কৰে নগৰবেৰাত।

Pic

কংগ্ৰেছ মহাজোঁঁটৰ প্ৰাৰ্থী নন্দিতা দাসেও দিনৰ  আগভাগতে ভোটদান কৰে।ইফালে,জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নেতৃবৃন্দই দাসৰ পক্ষত জনতাৰ সমৰ্থন অধিকভাৱে  আহিছে বুলি মতপোষণ কৰে। 

Your Comments