- 131 views
অসমৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন যুৱ প্ৰয়াসৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ভাৰতৰ ৭০সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰৰ শিৱদৌল প্ৰাংগণত বসবাস কৰা দৰিদ্ৰ কণ কণ শিশুসকলৰ মাজত গৰম কাপোৰ আৰু খাদ্য বিতৰণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলাৰ চক্ৰ বিষয়া সম্প্ৰীতি গোস্বামী, দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সংবাদকৰ্মী নজিউল্লা হাজৰিকা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলাৰ সমাজসেৱা সম্পাদক জাকিৰ হুছেইন প্ৰমুখ্যে স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়াসকল।