কলাক্ষেত্রত ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা: খালি হাতেৰে নাহি, দেশলৈ পদক জয় কৰি সুখী- লাভলীনা

A

নিউজ ডেস্ক:


গুৱাহাটী শংকৰদেৱ কলাক্ষেত্রত অসম চৰকাৰে সম্বৰ্ধনা জনালে অলিম্পিক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইক।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ হৈ সম্বৰ্ধনা জনাই অসম কন্যা গৰাকীক।

উল্লেখ্য যে  অলিম্পিক বিজয়ী অসম কন্যা লাভলীনাক ৰাজ্যিক ক্ৰীড়া নীতিৰ অধীনত অসম চৰকাৰে এক কোটি টকা আগবঢ়ায়।

'পেৰিচ অলিম্পিকলৈ লাভলীনাক প্ৰতিমাহে ১লাখ টকা বৃত্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে।ডিএছপি পদত নিযুক্তিৰ লগতে গুৱাহাটীৰ এটা পথ বক্সাৰ গৰাকীৰ নামেৰে নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।গোলাঘাটৰ বক্সাৰ গৰাকীৰ জন্মগৃহ সৰুপথাৰত ২৫ কোটি টকা ব্যয়েৰে ক্ৰীড়া প্ৰকল্প স্থাপন কৰাৰ আশ্বাস দিয়ে শৰ্মাই।

আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি বক্সাৰ লাভলীনাই অসমবাসীক ধন্যবাদ জনায়।সোণৰ পদক জয় কৰিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰে বক্সাৰ গৰাকীয়ে।"খালী হাতেৰে নাহি, দেশৰ বাবে পদক জয় কৰি মই সুখী"- লাভলীনাই কয়।

'অসমবাসীৰ প্ৰাৰ্থনা-আশীৰ্বাদত বক্সিং ৰিঙত সাহস পাইছিলোঁ।পদক আনিব নোৱাৰিম বুলি মই ভবা নাছিলো।২০২৪ চনৰ পেৰিচ অলিম্পিকত সোণৰ পদক আনিম অসমবাসীক কথা দিছোঁ'- এইদৰে কয় বক্সাৰ গৰাকীয়ে।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা দিল্লীৰ পৰা অসমত উপস্থিত হয় অসম কন্যা গৰাকী।B

Your Comments