শুকুৰবাৰে মাতৃগৃহলৈ যাব লাভলীনা

A

নিউজ ডেস্ক:

অলিম্পিক বিজয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনা বৰগোঁহাই শুকুৰবাৰে পুৱাই যাব মাতৃগৃহলৈ।আজি গুৱাহাটীতে থাকিব বক্সাৰ গৰাকী।অসম চৰকাৰে বিয়লি সম্বৰ্ধনা জনাব বক্সাৰ গৰাকীক।তাৰ পাছত ৰেডিছন ব্লুত নৈশ আহাৰ গ্ৰহণ কৰি তাজ ভিভান্তাত ৰাতিটো কটাব লাভলীনাই।

ইফালে খবৰ অনুসৰি শুকুৰবাৰে পুৱাই মাতৃৰ কাষলৈ যাব লাভলীনা।বিগত প্ৰায় ১বছৰ ধৰি লাভলীনা অহা নাছিল ঘৰলৈ।সংবাদ মাধ্যমৰ সন্মুখত মাতৃয়ে কন্যাক আদৰিবৰ বাবে ৰৈ থকা কথা ব্যক্ত কৰিছিল।

আনহাতে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ লাভলীনায়ো মাতৃক যোৰকৈ সাৱটি ধৰাৰ কথা প্ৰকাশ কৰিছিল।

উল্লেখ্য যে  ১৫আগষ্টত দিল্লীত স্বাধীনতা দিৱসত উপস্থিত থাকিব বক্সাৰ গৰাকী।

Your Comments