গুৱাহাটীত উপস্থিত লাভলীনা: অসমবাসীৰ আদৰত আবেগিক হৈ পৰিল বক্সাৰ গৰাকী

A

নিউজ ডেস্ক:

গুৱাহাটীত উপস্থিত অলিম্পিক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাই।বিশেষ বিমানযোগে দিল্লীৰপৰা বৃহস্পতিবাৰে পুৱাই উপস্থিত হয় বৰঝাৰত।গুৱাহাটী বিমানবন্দৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় লাভলীনাক।ক্ৰীড়া মন্ত্ৰী বিমল বৰা, পিযুষ হাজৰিকা,  লক্ষ্য কোঁৱৰ, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিং উপস্থিত থাকে ।

উল্লেখ্য যে অলিম্পিক পদক বিজয়ী প্ৰথম গৰাকী অসমীয়া লাভলীনা।বক্সিঙত মহিলা ৬৯কেজি শাখাত ব্ৰঞ্জ পদক লাভ কৰিছিল।

গুৱাহাটীত উপস্থিত হৈ লাভলীনা আৱেগিক হৈ পৰিল।"প্ৰায় ১বছৰৰ মুূৰত মাতৃভূমিত উপস্থিত হৈছোঁ।ঘৰলৈ গৈ মা-দেউতাক জোৰকৈ সাৱটি ধৰিব মন গৈছে"৷

'অসমবাসীৰ বাবে পদক আনিব পৰিছোঁ ভাল লাগিছে।কিন্তু সোণৰ পদক জয় কৰিব নোৱাৰি আক্ষেপ থাকি গল'- লাভলীনাই কয়।

গুৱাহাটীৰ মাজমজিয়াৰে বিশাল কনভয়ৰ মাজেৰে তাজ ভিভান্টালৈ অনা হয় লাভলীনাক ।লাভলীনাক যাত্ৰা পথত পথৰ দুইয়োকাষে সম্বৰ্ধনা জনায় ।অসমবাসীৰ আগ্ৰহ দেখি আবেগিক হৈ পৰে বক্সাৰ গৰাকী।

উল্লেখ্য যে  বিয়লি ৩বজাত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্রত অসম চৰকাৰে সম্বৰ্ধনা জনাব।ৰাজ্যিক ক্ৰীড়া নীতিৰ অধীনত মুখ্যমন্ত্ৰীয়ে ৫০লাখ টকা আগবঢ়াব বুলিও জানিব পৰা গৈছে ৷

Your Comments