অখিল গগৈক দীৰ্ঘসময় বন্দী কৰাৰ ব্লুপ্ৰিণ্ট : চাৰ্জ ফ্ৰেমৰ শুনানি শেষ মুহূৰ্তত অতিৰিক্ত অভিযোগনামা নিয়া -ৰাইজৰ দল

A

নিউজ ডেস্ক :
'কাৰাবন্দী বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অন্য এক ষড়যন্ত্ৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ নিয়াৰ ।দীৰ্ঘ সময় নেতা গৰাকীক বন্দী কৰি ৰখাৰ কৌশলেৰে চার্জ ফ্ৰেমৰ শুনানি শেষ মুহূৰ্তত দাখিল নিয়া অতিৰিক্ত অভিযোগনামা'- এই কথা প্ৰকাশ ৰাইজৰ দলৰ।নাম- ঠিকনা গোপন ৰখা বেনামী সাক্ষী স্বাক্ষৰ ভিত্তিত আদালতক নিয়াই অতিৰিক্ত অভিযোগনামা দাখিল কৰা বুলি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক'ডি শইকীয়াই কয়।

চাবুৱা থানা নিয়া গোচৰত অখিল গগৈ দোষমুক্ত বুলি ঘোষণা হৈছে।চান্দমাৰী থানা ১৩/২০নিয়া গোচৰত অভিযোগনামা চার্জ ফ্ৰেমৰ শুনানি মঙলবাৰে শেষ হৈছিল।বুধবাৰে নিয়াই গোচৰটোত যুক্তি প্ৰদৰ্শন কৰিব।কিন্তু তেনে সময়তে ভুৱা সাক্ষাতেৰে অতিৰিক্ত অভিযোগ নামা নিয়াই দাখিল কৰা বুলি- শইকীয়াই কয়।

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ আৰু কয়-'গগৈৰ জনপ্ৰিয়তাত ভয় খাইছে চৰকাৰে।নিয়াক ব্যৱহাৰ কৰি চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে।আগন্তক বিধানসভাৰ উপ-নির্বাচনৰ আগমুহূৰ্তত গগৈ যাতে জেলৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে তাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে চৰকাৰ'।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈৰ জনপ্ৰিয়তা ভূতে সপোনতো খেদি ফুৰা বুলি কয় শইকীয়াই।

Your Comments