৮০০ বছৰৰ পিছত জাগ্ৰত হৈ উঠিছে আগ্নেয়গিৰি, একেবাৰে কাষৰপৰা কেমেৰাবন্দী ভয়ংকৰ দৃশ্য

volcanoes

৮০০ বছৰৰ পিছত হঠাৎ জাগি উঠিছে এটা আগ্নেয়গিৰি। পর্যটকে সেই অগ্ন্যুৎপাতৰ ভিডিঅ’ কেমেৰাবন্দী কৰে, যি বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বক্‌বকাই উতলি উঠিছে লাভা। বাগৰি আহিছে ৰঙা সেই লাভা ৷ ভয়ঙ্কৰ যদিও সুন্দৰ সেই অগ্নুৎপাতৰ ভিডিঅ’। 

Volcanoes

ড্রোনৰ সহায়েৰে তোলা হৈছে সেই মুহূর্ত। ইউটিউবাৰ বর্ন ষ্টেইনবেকে শ্বেয়াৰ কৰিছে সেই ভিডিঅ’ সামাজিক মাধ্যমত। একেবাৰে আগ্নেয়গিৰিৰ মুখলৈ গৈ উতলি থকা লাভাৰ ফটো তুলিছে ড্রোনে। সচেতন মহলে জনাইছে, ইমান কাষৰপৰা এনে ভিডিঅ’ আগতে কেতিয়াও তোলা হোৱা নাই।

Volcanoes

এইটো আইচ্‌লেণ্ডৰ ফেগ্রাডেলচ্‌ফলৰ আগ্নেয়গিৰি ৷ আইচ্‌লেণ্ডৰ ৰাজধানী ৰেইকাজিকৰপৰা কিছু দূৰত অৱস্থিত এই আগ্নেয়গিৰিটোত সম্প্রতি অগ্ন্যুৎপাত আৰম্ভ হৈছে। তাৰ পিছৰপৰাই অনবৰতে ৰঙা উজ্জ্বল লাভা উদ্গীৰণ হৈ আছে। অঞ্চলটোৰ আকাশ ৰঙা বৰণৰ হৈ পৰিছে। আগ্নেয়গিৰিৰ কাষত কোনো জনবসতি নাই বাবে ক্ষয়-ক্ষতিৰ কোনো খবৰ অহা নাই। 

Volcanoes

সমগ্ৰ ইউৰোপৰ ভিতৰত আইচ্‌লেণ্ডতেই একাধিক জাগ্রত আগ্নেয়গিৰি আছে। প্রতি বছৰে এটা নহয় এটা আগ্নেয়গিৰি জাগ্ৰত হৈ উঠে। ভুমিকম্পৰ কবলত পৰে স্থানীয় অঞ্চল সমূহ। 

Your Comments