কলকাতাৰ বিমানবন্দৰত উৰিল "হ'ক" ফাইটাৰ জেট

Hawk

কলকাতাত চলিছে বায়ুসেনাৰ ফাইটাৰ জেটৰ প্ৰশিক্ষণ।কেৱল কলকাতাৰ বিমানবন্দৰত উৰিল হ'ক যুদ্ধ বিমান।কলাইকুণ্ডাৰ বিমানঘাটিৰপৰা দুখন হ'ক যুদ্ধবিমান কলকতাৰ বিমানবন্দৰত আহি একাধিকবাৰ তহল দিয়ে।

এই ফাইটাৰ জেটৰ তহলৰ বাবে চীনৰ ওপৰতো চাপ বাঢ়িছে।জৰুৰীকালীন আৰু যুদ্ধকালীন পৰিস্থিতিৰ সৈতে মোকাবিলাৰ স্বার্থত এই প্ৰশিক্ষণ চলিছে যদিও বৰ্তমান কোনো উদ্দেশ্য নাই বুলি বায়ুসেনাৰ তৰফৰপৰা জানিবলৈ দিছে।বায়ুসেনাৰ বিমানচালকসকলৰ অসামৰিক বিমানবন্দৰৰপৰা উৰুৱা আৰু লেণ্ড কৰোৱাৰ অভ্যাস কৰিবলৈ এই উদ্যোগ লোৱা হৈছে।

জানিবলৈ পোৱা অনুসৰি, কলকাতাৰ বাহিৰেও অণ্ডাল আৰু উত্তৰ-পূব ভাৰতৰ পাছিঘাট,তেজু,গুৱাহাটীকে ধৰি ৬টা বিমানবন্দৰত এনে প্রশিক্ষণৰ ব্যৱস্থা কৰিছে ভাৰতীয় বায়ুসেনাই।চীনৰ সৈতে ভাৰতৰ সীমা বিবাদৰ পৰিপ্রেক্ষিতত এই প্ৰশিক্ষণ যথেষ্ট গুৰুত্বপূর্ণ।

Your Comments