মন্ত্ৰী ৰঞ্জিত দত্তৰ চৰ উন্নয়ন সঞ্চালকালয়ত ৪৫ কোটি ৩৬ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ 'নেমছু'ৰ

Pic

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শূন্য সহনশীলতাৰ বৰঘৰত দুৰ্নীতি।মন্ত্ৰী ৰঞ্জিত দাসৰ চৰ উন্নয়ন সঞ্চালকালয়ত দুটা বিত্তীয় বৰ্ষত ৪৫ কোটি ৩৬ লাখ টকাৰ দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ 'নেমছু'ৰ।সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি ২০১৭-১৮ আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষত ক্ৰমে ২১ কোটি ৬০ লাখ আৰু ২৩ কোটি ৭৬ লাখ টকা মন্ত্ৰী দত্তৰ চৰ উন্নয়ন সঞ্চালকালয়ে আৱন্টন দিছিল।সেই অনুসৰি ২০১৭-১৮ বৰ্ষৰ আৱন্টিত পুঁজিৰে চৰৰ ৰাইজৰ উন্নয়নৰ বাবে ১৪৭৯ টা তাৰা হেণ্ড পাম্প আৱন্টন দি তাৰে ৭৬৩ টা বিতৰণ,৩৬৮৬ টা ছ'লাৰ গৃহচাকি আৱন্টন দি ১৫৩০ টা বিতৰন আৰু ৫৬১খন ই-ৰিক্সা আৱন্টন দি ৯০ খন বিতৰণ কৰা বুলি তথ্য জনাৰ অধিকাৰত সংগঠনটোৱে বিভাগৰ পৰা লাভ কৰিছে।এই কথা জনাই সোমবাৰে দিছপুৰৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে 'নেমছু' ৰ সভাপতি বদৰুল ইছলামে।তেওঁ লগতে প্ৰকাশ কৰে যে ২০১৮-১৯ বিত্তীয় বৰ্ষত বিভাগটোৱে চৰৰ ৰাইজৰ উন্নয়নৰ বাবে আৱন্টন দিয়া নিৰ্ধাৰিত পুঁজিৰে ১২,০০০খন চাইকেল ৩২৫০টা চিলাই মেচিন,৪৭৩৪টা সৌৰ চাকি,১৪৭০টা হেণ্ডপাম্প আৰু ১৬৮৩৫টা ছাতি বিতৰন কৰাৰ তথ্য সংগঠনটোৱে আৰটিআই জৰিয়তে লাভ কৰিছে।সেই তথ্য লাভ কৰাৰ পিছতে সংগঠনটোৱে বিভাগে যোগান ধৰা আৰটিআইৰ তথ্য ভিত্তিত বিতৰণ কৰা সমগ্ৰীসমূহৰ বিপৰিতে হিতাধিকাৰীৰ নাম-ঠিকনা জনাবলৈ বিভাগক পুনৰ আবেদন কৰাত বিভাগে সেই তথ্য সংগঠনটোক যোগান ধৰিব নোৱাৰিলে।ইতিমধ্যে,দুবাৰকৈ আবেদন কৰি হিতাধিকাৰীৰ তালিকা লাভ নকৰাত সংগঠনটোৱে সন্দেহ প্ৰকাশ কৰিছে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত মন্ত্ৰী ৰঞ্জিত দত্তৰ চৰ উন্নয়ন সঞ্চালকালয়ত স ৪৫কোটি ৩৬লাখ টকাৰ আত্মসাৎ হৈছে।এই গুৰুতৰ অভিযোগ 'নেমছু'ৰ সভাপতি ইছলামৰ ৷ 

ইফালে সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় তদন্ত দাবী কৰি সংগঠনটোৱে দুৰ্নীতি নিবাৰক শাখাত বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব বুলি সংবাদ মেলত উল্লেখ কৰে ৷ 

উল্লেখ্য যে সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক ৰেকিবুদ্দিন আহমেদ, সহ-সাংগঠিক সম্পাদক আমিৰ ইছলাম উপস্থিত থাকে ৷

Your Comments