কাৰ্বি লোক সংস্কৃতিৰ গৱেষক-সাহিত্যিক লুনছে টিমুংক ভূপেন হাজৰিকা সংহতি বটাঁ,২০১৯ প্ৰদানৰ ঘোষণা

golaghat

 গোলাঘাট :

গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি গোলাঘাটে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো সন্মানীয় ভূপেন হাজৰিকা সংহতি বটাঁ,২০১৯ ঘোষণা কৰিছে। এই বৰ্ষত  কাৰ্বি লোক সংস্কৃতিৰ গৱেষক তথা সাহিত্যিক লুনছে টিমুঙক এই সন্মান আগবঢ়োৱা হৈছে। অহা ৫ নৱেম্বৰত গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক গৰাকীক এই সন্মান প্ৰদান কৰা হ'ব।

Your Comments