ছবি উদ্যোগত ২৫ বছৰ পূৰ্ণ কৰিলে সৌন্দৰ্যৰ ৰাণী 'বিউটি ৱিথ ব্ৰেইন' ঐশ্বৰ্য ৰায় বচ্চনে

Aish

ভাৰতীয় ছবিৰ সৌন্দৰ্যৰ ৰাণী ঐশ্বৰ্য ৰায় বচ্চনে ছবি উদ্যোগত ২৫ বছৰ পূৰ্ণ কৰিলে।হম দিল দে চুকে ছনম,দেৱদাস,গুৰু,যোধা আকবৰ,ছৰবজিৎ,ইংৰাজী ভাষাৰ পিংক পেন্ঠাৰ,ব্ৰাইড এণ্ড প্ৰিজুডিছ আদি ছবিত অনবদ্য অভিনয়ৰে দৰ্শকৰ হৃদয়ত নিগাজী স্থান সৃষ্টি কৰা ঐশ্বৰ্য ৰায়ৰ প্ৰথম ছবি ১৯৯৭ চনত মুক্তিপ্রাপ্ত প্ৰখ্যাত পৰিচালক মণিৰত্নম পৰিচালিত 'ইৰুৱৰ'।১৯৯৪ চনত মিছ ৱৰ্ল্ড খিতাপ দখল কৰাৰ পিছতে তেওঁ ছবি উদ্যোগত পদাৰ্পণ কৰিছিল।'বিউটি ৱিথ ব্ৰেইন' ঐশ্বৰ্য ৰায়ে ছবি জগতত তেওঁৰ ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে দৰ্শক আৰু অনুৰাগীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।বিগত সময়চোৱাত ছবিৰ দৰ্শকসকলে তেওঁক যিদৰে সমৰ্থন আৰু উৎসাহিত কৰিলে সেয়া তেওঁৰ বাবে অনুপম আশীৰ্বাদ বুলি ৰায়ে উল্লেখ কৰে।বৰ্তমান বচ্চন পৰিয়ালৰ বোৱাৰী তথা অভিনেতা অভিষেক বচ্চনৰ পত্নী ঐশ্বৰ্যই ধাৰাবাহিকভাৱে ছবি নকৰিলেও ছবি উদ্যোগৰে নিকট সম্পৰ্ক অব্যাহত ৰাখিছে।

Your Comments