শাৰদীয় সুবাসৰ পৰা আৰম্ভ কৰি এগৰাকী নাৰীৰ যন্ত্ৰণাৰ সমাহাৰেৰে প্ৰকাশিত উপন্যাস "ৰক্তৰাগ" উন্মোচন

Raktarag

নিউজ ডেস্ক :

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীয্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় লেখিকা, গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস 'ৰক্তৰাগ'। এটা এপাৰ্টমেণ্টৰ জীৱনক পটভূমি হিচাপে লৈ ৰচিত উপন্যাস খনত সন্নিৱিষ্ট হৈছে এগৰাকী নাৰীৰ জীৱনৰ বহু জটিলতা, মৰ্মবেদনা, জটিল সন্ধিক্ষণ আৰু ত্যাগ।তাৰ উপৰিও উপন্যাস খনত লিপিবদ্ধ হৈছে প্রত্যাহিক জীৱনৰ সৰু বৰ অলেখ ঘটনা পৰিঘটনা। "পূৰ্বাঞ্চল প্ৰকাশন"ৰ বেনাৰত জ্যেষ্ঠ সাহিত্যক নবীন বৰুৱাই প্ৰকাশ কৰি উলিওৱা "ৰক্তৰাগ" উপন্যাসখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট উপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। লগতে উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে একেধাৰে শিল্পী, লেখক তথা বিশিষ্ট চিকিৎসক ডাঃ অঞ্জন জ্যোতি চৌধুৰী, বিশিষ্ট লেখিকা,উপন্যাসিক তথা গল্পকাৰ মনালিছা শইকীয়া আদি দৰে বিশিষ্ট লোকসকল।

আনহাতে উপন্যাসখন উন্মোচন কৰি বিশিষ্ট উপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় "শাৰদীয় বতৰত শাৰদীয় চৰিত্ৰৰে আৰম্ভ হৈছে উপন্যাস খন। গতানুগতিক উপন্যাস সমূহতকৈ বহু পৃথক এই উপন্যাসখন।কাৰণ উপন্যাস খনত এগৰাকীৰ নাৰীৰ যন্ত্ৰণাক সাৱলীল ৰূপত তুলি ধৰাৰ লগতে এগৰাকীৰ বোৱাৰীৰ প্ৰতি শহুৰৰ লোলোপ দৃষ্টিৰ প্ৰসঙ্গও লিপিবদ্ধ হৈছে"। লগতে তেওঁ কয় উপন্যাসখনত লেখিকা বিনীশা দেৱীয়ে বৰ্ণনাৰ ওপৰত সাংঘাতিক গুৰুত্ব আৰোপ কৰিছে।

উল্লেখ যে উপন্যাস খনৰ আগকথা লিখিছে ডাঃ অঞ্জন জ্যোতি চৌধুৰীয়ে।

ইফালে গ্ৰন্থ উন্মোচনী সভাখনৰ আৰম্ভণিতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ১৮ গৰাকীকৈ সন্মানীয় ব্যক্তিক সম্বৰ্ধনায়ো জনোৱা হয়।

Your Comments