সোনোৱাল চৰকাৰৰ চূড়ান্ত অৱহেলাত ৰাজ্যৰ ৫০% বাগিচাৰ চিকিৎসালয়ত নাই এজনো চিকিৎসক

Assam tea garden

নিউজ ডেস্ক:

"চাহ শ্ৰমিকৰ জীৱনক লৈ ৰাজনীতি কৰিছে ৰাজ্য চৰকাৰে। চাহ জনগোষ্ঠীৰ উন্নয়নৰ প্ৰতি যদি চৰকাৰৰ প্ৰকৃত আন্তৰিকতা থাকিলেহেঁতেন তেনেহ’লে আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাত খালি হৈ নাথাকিলেহেঁতেন চাহ জনগোষ্ঠীৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ বিভাগটো। এই অভিযোগ অসম চাহ জনজাতি বিকাশ কমিটীৰ উপদেষ্টা তথা বিধায়ক দুৰ্গা ভূমিজৰ। দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত অসম চাহ জনজাতি বিকাশ কমিটীৰ হৈ উপদেষ্টা ভূমিজে কয়, বৰ্তমান সমগ্ৰ অসমত ১০০০খন পঞ্জীয়ন ভুক্ত চাহ বাগিচা আছে। সেই অনুসৰি এই বাগিচাসমূহত "প্লেনটেচন লেবাৰ এক্ট"ৰ মতে সকলোবোৰ সুবিধাযুক্ত প্ৰতিখন বাগিচাত এখনকৈ চিকিৎসালয় থাকিব লাগে। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে অসম চৰকাৰৰ অৱহেলা আৰু বাগিচাৰ মালিক পক্ষৰ স্বেচ্ছাচাৰী মনোভাৱৰ বাবে আজি ৫০শতাংশ বাগিচাৰ চিকিৎসালয়ত নাই চিকিৎসক। তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান ৫০০ খন বাগিচা চিকিৎসালয়ত খালি হৈ আছে চিকিৎসকৰ পদ। ইয়াৰ উপৰি বাগিচা চিকিৎসালয়সমূহত বৰ্তমান সময়ত খালি হৈ আছে ৬৬০টা ফাৰ্মাচিষ্ট, ২০০টা জিএনএম, ৩০০টা এএনএম, ১৭৫টা স্বাস্থ্য সহায়ক, ২৫০টা লেবৰটৰী টেকনিচিয়ান আৰু ৬০০টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ।

ভূমিজে সংবাদ মেলখনত জানিবলৈ দিয়া অনুসৰি অসম চৰকাৰ আৰু "মেডিকেল এডভাইচাৰি ব’র্ড ফৰ প্লেনটেচন ৱৰ্কাৰ"ৰ নিয়ম অনুসৰি প্ৰতিখন বাগিচাৰ চিকিৎসালয়ত ২০০বিধ ঔষধ থাকিব লাগে। কিন্তু ৰাজ্য স্বাস্থ্য বিভাগ আৰু মালিক পক্ষৰ অৱহেলাৰ ফলত ৫০বিধ ঔষধ নাথাকে বাগিচা চিকিৎসালয়ত। নিয়ম অনুসৰি প্ৰতিখন বাগিচাৰ চিকিৎসালয়ত ৰোগীৰ সুবিধা হোৱাকৈ ব্লাড বেংক, এ-ক্সৰে ব্যৱস্থাও থাকিব লাগে। কিন্তু বৰ্তমান এখনো চাহ বাগিচাত নাই এই ব্যৱস্থা। একেদৰে বৰ্তমান প্ৰায় ৬০শতাংশ চিকিৎসালত নাই এম্বুলেন্স,  অপাৰেচন থিয়েটাৰ, খোৱা পানী আৰু শৌচালয়ৰ সুবিধা। তদুপৰি চাহ বাগিচা সমূহত সমগ্ৰ চিকিৎসা ব্যৱস্থা তদাৰক কৰাৰ বাবে প্ৰতিখন জিলাতে ৰাজ্য চৰকাৰৰ চিকিৎসা বিভাগে এজনকৈ "ড্ৰাগ ইন্সপেক্টৰ" নিয়োগ কৰাটো বাধ্যতামূলক। কিন্তু দুৰ্ভাগ্যৰ কথা এই যে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ আৰ্শীবাদত বৰ্তমান সময়ত দুজন "ড্ৰাগ ইন্সপেক্টৰে" তদাৰক কৰিছে ১০০০ খন বাগিচাৰ চিকিৎসা ব্যৱস্থা। আজি এই সংবাদ মেলখনত উপস্থিত থাকে চাহ জনজাতি বিকাশ কমিটীৰ উপদেষ্টা ভগীৰথ কৰুণ।

Your Comments