বঙাইগাঁৱত আৰক্ষী কনিষ্টবলৰ দ্বাৰা কিশোৰীক যৌন নিৰ্যাতৰ অভিযোগ 

bgn

 বঙাইগাঁওঃ 

বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দোলাইগাঁও উজানপাৰাত অসম আৰক্ষীৰ কনিষ্টবল এজনৰ বিৰুদ্ধে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাৰ অভিযোগক কেন্দ্ৰ কৰি যোৱা নিশা তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে ঘটনাটো তিনিদিন পূৰ্বে সংঘটিত হৈছিল যদিও কালি নিশাৰ ভাগতহে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰ দাখিলক কেন্দ্ৰ কৰিয়ে সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ অভিযোগ অনুসৰি বঙাইগাঁও জিলাৰ বিদ্যপুৰ উপ আৰক্ষী চকীত কৰ্মৰত অসম আৰক্ষীৰ কনিষ্টবল আব্দুল ৰেজ্জাক মণ্ডলে( ৪৯) বঙাইগাঁও চহৰৰ দোলাইগাঁওস্থিত নিজ ঘৰত ভাড়াতীয়া হিচাপে থকা এটা পৰিয়ালৰ এগৰাকী এঘাৰ বছৰীয়া কিশোৰীক তিনিদিনপূৰ্বে যৌন নিৰ্যাতন চলায় ৷ আৰক্ষী কনিষ্টবলজনে কিশোৰীগৰাকীৰ পৰিয়ালৰ কোনো সদস্য ঘৰত নথকাৰ সুযোগত এই জঘন্য ঘটনাটো সংঘটিত কৰে ৷ পিছত কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক এই জঘন্য ঘটনাৰ বিষয়ে অৱগত কৰিছিল যদিও এক দাদাল চক্ৰৰ কৱলত পৰি পৰিয়ালটো নীৰৱ হৈ আছিল ৷ কিন্তু পাছত স্থানীয় ৰাইজে সমগ্ৰ ঘটনাটো জানিব পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালক এজাহাৰ দাখিল কৰাৰ বাবে কালি গোটেই দিনটো হেঁচা প্ৰদান কৰি থাকে ৷ কিন্তু দিনটোৰ ভিতৰত পৰিয়ালৰ লোকে এজাহাৰ দাখিল নকৰাত নিশাৰ ভাগত স্থানীয় ৰাইজ অধিক উত্তেজিত হৈ পৰাত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে নিশা উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত কনিষ্টবলজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ এজাহাৰ দাখিল কৰিবলৈ অহা পৰিয়ালৰ লোকৰ লগত দুই শতাধিক লোকো আৰক্ষী পহৰা চকীলৈ আহে ৷ কিন্তু আৰক্ষীয়ে ৰাইজক আৰক্ষী চকী চৌহদৰ পৰা আঁতৰাই পঠিওৱাত ৰাইজ ক্ষুদ্ধ হৈ পৰে ৷ আৰক্ষীয়ে ৰাইজক উক্ত স্থানৰ পৰা আঁতৰাই পঠিওৱাৰ সময়ত আৰক্ষী চকীৰ ভিতৰত বঙাইগাঁও জিলা আমছুৰ সভাপতি হজৰত আলি বহি থকাত ৰাইজ অধিক ক্ষুদ্ধ হৈ পৰে ৷ একাংশ ৰাইজে অভিযোগ কৰা মতে আমছু নেতাগৰাকীয়ে ঘটনাটো বিপথে পৰিচালিত কৰিব বিছাৰিছে ৷ আনহাতে আমছু নেতাগৰাকীয়ে আৰক্ষী চকীৰ পৰা ওলাই যোৱাৰ সময়তে ক্ষুদ্ধ ৰাইজে নেতাগৰাকীৰ বাহনখন আগচি ধৰি আন এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আনকি একাংশ ক্ষুদ্ধ ৰাইজে আমছু নেতাগৰাকীক আক্ৰমণ কৰিবলৈকো উদ্যত হয় ৷ যোৱা নিশা প্ৰায় ডেৰ বজালৈকে উত্তেজনাময় পৰিস্থিতি চলি থাকে ৷ অৱশ্যে পিছত ঘটনাস্থলীত জিলাৰ উপ আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ লগতে দোষীক আইন অনুসৰি শাস্তি প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাত ৰাইজ ক্ষান্ত হয় আৰু আৰক্ষী চকীৰ সন্মুখৰ পৰা আঁতৰি যায় ৷ জানিব পৰা মতে ঘটনাৰ সৈতে অভিযুক্ত আৰক্ষী কনিষ্টবলজন ইতিমধ্যে পলায়ণ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ কনিষ্টবলজন নিজ ঘৰত নথকাৰ লগতে দুদিন ধৰি নিজ কৰ্তব্যস্থলীতো যোৱা নাই ৷ ইপিনে আৰক্ষীয়ে জানিবলৈ দিয়া মতে পৰিয়ালৰ তৰফৰ পৰা দাখিল কৰা এজাহাৰত কনিষ্টবলজনে কিশোৰীগৰাকীক ধৰ্ষণ কৰা বুলি উল্লেখ কৰিছে ৷ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ইতিমধ্যে পক্স' আইনৰ (POCSO Act/2012) ধাৰা ৪ ৰ অধীনত ৫৫০/১৯ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ৷ সেইদৰে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাও কৰা হয় ৷ ইপিনে শেহতীয়াকৈ জানিব পৰা মতে পলাতক হৈ থকা কনিষ্টবলজনক আজি বিয়লিৰ ভাগত ফকিৰাগ্ৰামৰ পৰা গ্ৰেপ্তাৰ কৰে ৷  পিছত সন্ধিয়াৰ ভাগত বঙাইগাঁও থানালৈ আনি সোধ- পোচ  অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ 

Your Comments