আমাৰ দৈনন্দিন খাদ্য তালিকাত বিট কিয় সন্নিবিষ্ট হোৱা উচিত ?

beet

আগকথা
আমাৰ অসমীয়া মানুহে পাচলিৰ বজাৰ কৰোঁতে গাজৰ আৰু বিলাহীক গুৰুত্ব দিয়ে ৷ দাম যিমান হ'লেও সেই দুবিধ পাচলিৰ এপোৱা (আঢ়ৈশ গ্ৰাম) হ'লেও কিনে ৷ কিন্তু বিটৰ প্ৰতি গ্ৰাহক সমভাৱাপন্ন নহয় ৷ ইয়াৰ কাৰণ আন একো নহয়, মাথোঁ অজ্ঞতা ৷ এই প্ৰবন্ধৰ মাধ্যমেৰে আমাৰ অঞ্চলত সুলভ এইবিধ উপকাৰী পাচলিৰ বিষয়ে অসমৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিব খুজিছোঁ ৷ আশাকৰো লেখাটো পঢ়াৰ পিছত সহজে উপলব্ধ এইবিধ পাচলিক নিজৰ দৈনন্দিন খাদ্য তালিকাত সন্নিবিষ্ট কৰিবলৈ পাঠকসকল আগ্ৰহী হ'ব ৷
বৈজ্ঞানিক পৰিচয়

beet
বিটৰ বৈজ্ঞানিক নাম Beta vulgaris ৷ ইয়াৰ বংশাৱলী বা ফেমিলি হ'ল- Chenopodiaceae ৷ ইংৰাজীত ইয়াক মতা হয় বিভিন্ন নামেৰে যেনে Common beet, Beet root, Table beet, Red beet, Golden beet  আদি ৷ সাধাৰণতে চাৰিটা প্ৰজাতিত ইয়াক বিভক্ত কৰা হৈছে ৷ সেইকেইটা হ'ল- (১)  Garden beet (আন নাম Beet root বা Table beet) যাক বাগিচাত বা পথাৰত  খাদ্যৰ বাবে ৰোপণ কৰা হয়, (২) Swiss chard (আন নাম Silver beet বা leaf beet), (৩) Sugar beet- যাৰ পৰা সাধাৰণতে চেনি বনোৱা হয়, (৪) Mangold বা Mangel-wurzel- যাক ঘাইকৈ পশুখাদ্য হিচাপে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ উপৰি প্ৰত্যেক জাতিৰে নানানবিধ উপজাতি আছে ৷ গুণাৱলীৰ তাৰতম্য সেইমতে বিভিন্ন উপজাতিৰ মাজত দেখা যায় ৷

গছৰ বৰ্ণনা
তাপমান ১৫-৩০ ডিগ্ৰী চেলচিয়াছ থকা অঞ্চলত বিটৰ খেতি ভাল হয় ৷ বীজ ৰোপণ কৰাৰ পৰা দুমাহৰ সময় লয় মাটিৰ তলৰ মঙহাল বিট পূৰঠ হ'বলৈ ৷ গছৰ পাতৰ বৰণ সেউজীয়া, তাত ৰঙা আঁচ থাকে পালেঙৰ নিচিনা ৷ এজোপা গছ ১৪ ইঞ্চিলৈকে ওখ হয় ৷ মাটিৰ তলৰ পূৰঠ বিটৰ শিপাৰ আকাৰ সৰু-বৰ হ'ব পাৰে ৷ বৰণ চকলেট ৰঙা বা প্ৰজাতিভেদে কিছু ভিন্ন হ'ব পাৰে ৷ চুক্ৰজ থকা বাবে খাবলৈ ইয়াৰ স্বাদ মিঠা ৷ বিট গছৰ পাতো চালাড বা আন ধৰণেৰে খাব পাৰি ৷ বিট কাটিলে চকলেট ৰঙচুৱা ৰস ওলায় ৷ এই ৰঙ নানাবিধ খাদ্যপদাৰ্থত (যেনে কেক, পোলাও) আৰু মদত মিহলাবলৈ ব্যৱহৃত হয় ৷ ইয়াৰ এটা নিৰ্দিষ্ট গোন্ধ থাকে- কেঁচা মাটিৰ লগত মিল থকা ৷ বিটত থকা Geosmin নামৰ পদাৰ্থৰ বাবে এই গোন্ধ পোৱা যায় ৷

বিটৰ উৎপত্তিস্থল
বিশ্বৰ কমেও ৪৫খন দেশত বিটৰ খেতি হয় ৷ বিটৰ সৰহীয়াকৈ উৎপাদন কৰা ১০খন উল্লেখযোগ্য দেশ হ'ল (ক্ৰম অনুসৰি- ৰাছিয়া, ফ্ৰান্স, আমেৰিকা, জাৰ্মেনী, টাৰ্কি, চীন, ইউক্ৰেইন, পোলেণ্ড, ইজিপ্ত আৰু ব্ৰিটেইন ৷ বিশ্বত আটাইতকৈ বেছি বিট উৎপাদন কৰা দেশ হ'ল ৰাছিয়া ৷ বছৰি ৪৫ নিযুত টন বিট ৰাছিয়াই উৎপাদন কৰে ৷ ভাৰতবৰ্ষত বছৰি ২৫ৰ পৰা ৩০ নিযুত টন বিটৰ উৎপাদন হয় ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য প্ৰদেশকেইখনৰ নাম হ'ল- হাৰিয়ানা, পঞ্জাব, উত্তৰ প্ৰদেশ, অসম, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটক ৷ আমাৰ চুবুৰীয়া বাংলাদেশ আৰু পাকিস্তানো বিটৰ খেতিত পিছপৰি থকা নাই৷

beet

আন আন ভাষাত বিটক কি বোলে ?
অসমীয়াত- বিট, বাংলাত- বিট-পালং, মালায়ালম আৰু মাৰাঠীত- বিট, হিন্দী আৰু নেপালীত- চুকন্দৰ, আৰবীত- বিনাজিৰ, টাৰ্কিত- পানচাৰ, আলবেনিয়াত- পানঝাৰ, ফিলিপিনোত- বীট আৰু ৰিমলাচা, স্পেনিচত- ৰিমলাচা, ইণ্ডোনেছিয়াত- বিট, ডাচ ভাষাত- ৰ'ডে বিয়েট, জাৰ্মানত- ৰ'টে বিটে, পোলিচত- বুৰাক, স্কটিছত- বায়টিক, চোমালিত- বেটাৰাফ, ইটালিত- বাৰবিটিয়োলা, ডেনিচত- ৰয়বেডে, নৰৱে'ত- ৰয়ডেটি আৰু বেটি, হাংগেৰীত- চেকিয়া ৷
লেটিন বিটা (Beta) শব্দৰ পৰা বিট (Beet) নামৰ উৎপত্তি বুলি ঠাৱৰ কৰিব পাৰি ৷

বুৰঞ্জীয়ে ইয়াৰ বিষয়ে কি কয় ?
বিটৰ বুৰঞ্জী খুচৰি গম পালোঁ যে আজিৰ পৰা ৪ হেজাৰ বছৰ পূৰ্বে ভূমধ্য সাগৰীয় অঞ্চলত পোনপ্ৰথম বিটৰ খেতি হৈছিল ৷ কোনোৰ মতে আকৌ ইৰাকৰ বাগদাদৰ ওচৰৰ বেবিলনৰ ওলমা বাগিচাত পোনপ্ৰথম বিটৰ ৰোপণ হৈছিল ৷ তাৰ পৰা কালক্ৰমে ইউৰোপ আৰু আমেৰিকালৈ ইয়াৰ সঁচ যায় ৷ ভালেখিনি সময় বাগৰাৰ পিছতহে ভাৰতীয় উপ-মহাদেশৰ লোকে ইয়াৰ মাহাত্ম্য বুজি পায় আৰু ৰোপণ আৰম্ভ কৰে ৷ ৰোমানসকলে অতীজতে বিটক যৌন শক্তিবৰ্ধক হিচাপে গণ্য কৰি ব্যৱহাৰ কৰিছিল ৷ ইয়াৰ পিছত নানান দেশৰ লোক-চিকিৎসাত বিটে পাকস্থলীৰ হজম ঠিক কৰা, দেহত শক্তি যোগান ধৰা, শৰীৰৰ কমনীয়তা বঢ়োৱা আদি উপকাৰী গুণৰ বাবে খাবলৈ পৰামৰ্শ দি অহা হৈছিল ৷ প্ৰথম মহাযুদ্ধৰ সময়ত খাদ্যৰ নাটনি হোৱাত বহু ঠাইৰ সৈনিকে কেৱল বিট খাই জীয়াই থকাৰ কথা পঢ়িবলৈ পোৱা যায় ৷ ১৪৭৭ চনত Bartolomeo Platina নামৰ ইটালিৰ এজন খাদ্য বিশেষজ্ঞই জনালে যে নহৰু আৰু বিট একেলগে খালে পেটৰ বিকাৰ আঁতৰ হোৱাৰ উপৰি নিশ্বাসত নহৰুৰ গোন্ধ নোলায় ৷ ১৭৪৭ চনত বাৰ্লিনৰ এজন ৰসায়নিক বিজ্ঞানীয়ে (Andreas Sigismund Marggraf) বিটত চুক্ৰজ থকা কথাটো আৱিষ্কাৰ কৰে ৷ শেহতীয়াকৈ আজিৰ যুগত আমেৰিকা আৰু ইউৰোপৰ নানান দেশত বিটৰ উপকাৰিতাৰ ওপৰত বিস্তাৰিত বৈজ্ঞানিক অনুসন্ধান হৈছে ৷ বিশেষকৈ হৃদৰোগ, ডায়েবেটিজ আৰু কৰ্কট ৰোগত বিটে পেলাব পৰা প্ৰভাৱৰ ওপৰত উচ্চস্তৰীয় গবেষণা চলি আছে ৷

beet


কেনেদৰে বিটক গ্ৰহণ কৰা হয় ?
বিটক কেঁচাই চালাড কৰি অকলে বা আন পাচলিৰ সৈতে (যেনে গাজৰ, তিঁয়হ, পিঁয়াজ) মিহলাই খাব পাৰি ৷ বইল কৰি বাকলি গুচাই খাব পাৰে ৷ ৰস উলিয়াই অকলে বা আন ফলৰ ৰসৰ সৈতে (যেনে নেমু, তৰমুজ) মিহলাই খাব পাৰি ৷ বিটৰ সুস্বাদু আচাৰ বনাই খাব পাৰে ৷ বিটৰ চুপ বনায়ো খাব পাৰে ৷ ইয়াৰ উপৰি কেক, বাৰ্গাৰ, পিজ্জা, মদ, জাম, জেলি, চ'চ, ট'মেটো পেষ্ট, আইচক্ৰিম আদিত বিট মিহলাব পাৰে ৷ বিটৰ পাত চালাড কৰি নাইবা পালেংশাকৰ দৰে ৰান্ধি খাব পাৰি ৷


কি কি ৰাসায়নিক তত্ত্ব বিটত অন্তৰ্নিহিত ?
বিট হ'ল এবিধ অতি পুষ্টিকৰ পাচলি, য'ত প্ৰায় সকলো ধৰণৰ ভিটামিন (বি-কম্পেক্স, ভিটামিন-চি, ভিটামিন-এ), লাগতিয়াল খনিজ (প'টেছিয়াম, আইৰণ, ক'পাৰ, চেলেনিয়াম, জিংক, ফছফৰাছ, কেলচিয়াম, মেংগানিজ, মেগনছিয়াম), এণ্টিঅক্সিডেণ্ট, ফাইটোকেমিকেল তত্ব (এন্থ'চায়ানিন, কেৰটিনয়েড, লিউটিন, ঝিয়াজনথিন, গ্লাইচিন) আৰু ডায়েটেৰী ফাইবাৰ (ঘোলনশীল আৰু অঘোলনশীল দুয়ো প্ৰকাৰৰ) প্ৰচুৰ পৰিমাণত থাকে ৷ বিটানিন (Betanin) নামৰ পিগমেণ্টৰ উপস্থিতিৰ বাবে বিটৰ ৰঙটো দেখা যায় ৷ বিটানিন আমাৰ শৰীৰৰ ভিতৰত নভঙাকৈ অপৰিৱৰ্তিত থাকে আৰু শৌচ-প্ৰস্ৰাবেদি একেদৰে বাহিৰ হয় ৷ সেয়ে বিট খোৱা মানুহৰ মল-মূত্ৰত বিটৰ ৰঙ দেখা যোৱাটো অস্বাভাৱিক নহয় ৷ ১০০ গ্ৰাম বিটত কেল'ৰি থাকে মাত্ৰ ৪৩; পানীৰ পৰিমাণ বিটত ৮৮ শতাংশ, কাৰ্বোহাইড্ৰেট ১০ শতাংশ, প্ৰ'টিন ২ শতাংশ আৰু ফেট এক শতাংশৰো কম ৷

beet


বিটৰ বহুমুখী উপকাৰিতাৰ তালিকা-
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ- আমেৰিকান হাৰ্ট এছ'চিয়েচনৰ পত্ৰিকা 'হাইপাৰটেনচন'ত প্ৰকাশিত এক লেখাৰ মতে দৈনিক ২৫০ মিলিলিটাৰ বিটৰ ৰস সেৱন কৰিলে উচ্চ ৰক্তচাপ বাৰুকৈ হ্ৰাস পায় ৷ বিটত থকা ডায়েটেৰি নাইট্ৰেটৰ পৰা দেহত নাইট্ৰিক অক্সাইড নিৰ্গত হয় ৷ নাইট্ৰিক অক্সাইডে তেজৰ নলী বহলাই তুলি (Vasodilation) ৰক্তচাপ কমাই তোলে৷
হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰা-  বিটত থকা প'টেছিয়ামে তেজৰ নলী বহলাই ৰাখি ষ্ট্ৰ'ক আৰু আন হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷

তেজৰ অপকাৰী ক’লেষ্টেৰল হ্ৰাস কৰা- ক'লেষ্টেৰল, এল ডি এল ক'লেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড বিটৰ সেৱনৰ ফলত হ্ৰাস পায় ৷ আনহাতে, উপকাৰী ক'লেষ্টেৰল এইচ ডি এল বৃদ্ধি পায় ৷ ইয়াৰ ফলতো হৃদৰোগ হোৱাৰ সম্ভাৱনা কমি যায় ৷ আকৌ বিটত থকা বিটেইন (Betain)  নামৰ পদাৰ্থই তেজৰ হোমচিষ্টিনৰ (Homocysteine ) পৰিমাণ কমায় ৷ হোমচিষ্টিন বাঢ়িলে এথেৰস্কেৰচিচ, ষ্ট্ৰ'ক আদিৰ সম্ভাৱনা বৃদ্ধি পায় ৷

তেজৰ বিশুদ্ধিকৰণ- আমেৰিকান লিভাৰ ফাউণ্ডেচনে প্ৰকাশ কৰা তথ্যমতে, বিটে তেজৰ পৰা দূষিত তত্ত্ব শোধন কৰাত লিভাৰক সহায় কৰে ৷ পেক্টিন নামৰ পানীত ঘোলনশীল ফাইবাৰে এই ক্ষেত্ৰত লাগতিয়াল ভূমিকা পালন কৰে ৷
কৰ্কট ৰোগৰ পৰা সুৰক্ষা- হাওঁফাওঁ, চৰ্ম, বক্ষ, প্ৰষ্টেট, ক'লন আদিৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷ বিটত থকা বিটাচায়ানিন (Betacyanin) নামৰ পিগমেন্টে টিউমাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে বুলি হাংগেৰীত কৰা গবেষণাত এই কথাৰ প্ৰমাণ পোৱা গৈছে ৷

ডায়েবেটিজৰ নিয়ন্ত্ৰণ- বিটৰ গ্লাইচেমিক ইনডেক্স কম হোৱাৰ বাবে তেজত ছুগাৰৰ পৰিমাণ কম গতিতহে বাঢ়ে ৷ বিটত থকা পানীত ঘোলনশীল ফাইবাৰে খাদ্য হজম হোৱাত সহায় কৰাৰ উপৰি তেজৰ ছুগাৰ নিয়ন্ত্ৰণত ৰাখে ৷ ডায়েবটিজত আক্ৰান্তসকলে এগিলাচ বিটৰ ৰস দৈনিক খোৱাৰ অভ্যাস কৰক ৷ ছুগাৰৰ উপৰি ৰক্তচাপ ভাললৈ আহিব ৷

শক্তিবৰ্ধক আৰু ক্লান্তি আঁতৰায়- ভিটামিন আৰু এন্টিঅক্সিডেণ্টৰ উপস্থিতিৰ দ্বাৰা ৷

মস্তিষ্কৰ বাবে উপযোগী- বিটত থকা নাইট্ৰেটে তেজৰ নলী বহল কৰি দিয়াত মস্তিষ্কৰ ৰক্ত সঞ্চালন উন্নত হয় ৷ যাৰফলত ভবা-চিন্তাৰ শক্তি বাঢ়ে আৰু স্মৃতিশক্তিৰ উন্নতি হয় ৷

শৰীৰৰ মেদ আৰু ওজন কমোৱাত ভূমিকা- ডায়েটেৰী ফাইবাৰে কৰা উপকাৰিতাৰ ফলত ৷

beet

শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক- ভিটামিন আৰু এণ্টিঅক্সিডেণ্টৰ ফলত ৷
চকুৰ সুৰক্ষা- মেকুলাৰ ডিজেনৰেচন আৰু কেটেৰেক্ট ৰোধ কৰে ৷ বিটত থকা ভিটামিন-এ আৰু বিটা-কেৰটিনৰ দ্বাৰা এয়া সম্ভৱপৰ ৷

হাঁডৰ সুৰক্ষা- বিটত থকা ফছফৰাছ, কেলচিয়াম, মেগনেছিয়াম, প'টেছিয়াম, ক'পাৰ, চেলেনিয়াম, জিংক আদিয়ে হাঁড়ক শক্তিশালী কৰে আৰু ইয়াৰ ক্ষয় (Osteoporosis) ৰোধ কৰে ৷

এনিমিয়া আঁতৰায়- আইৰণ, ভিটামিন-চি আৰু ক'পাৰৰ ভূমিকাৰ বাবে ৷

মাহেকীয়াৰ সমস্যা- নিয়মীয়া বিট সেৱনে অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা আঁতৰ কৰে ৷

জন্মগত বিসংগতি ৰোধ কৰে- বিটত থকা ফলেটে গৰ্ভস্থ সন্তানৰ স্পাইনা বাইফিডা বা আন জন্মগত বিসংগতি হ'বলৈ নিদিয়ে ৷

যৌন জীৱনত প্ৰভাৱ- বিটত থকা বৰন (Boron), নাইট্ৰিক এচিড, ভিটামিন-চি, আইৰণ, জিংক আদি লাগতিয়াল তত্ত্বই ছেক্স হৰমোন নিৰ্মাণত সহায়ক হয় ৷ ইয়াৰ ফলত পুৰুষৰ যৌন দুৰ্বলতা (Loss of Libido) আঁতৰ হোৱাত সহায়ক হয় ৷

শৌচকচা আঁতৰ কৰে- ডায়েটেৰী ফাইবাৰৰ দ্বাৰা ৷

beet

দেহত বয়সৰ চপ নপৰাকৈ ৰখা (Anti aging)-  বিটে শৰীৰৰ কমনীয়তা আৰু মুখমণ্ডলৰ উজ্জ্বলতা বঢ়ায় ৷ অকাল বাৰ্ধক্য ৰোধ কৰে ৷

এণ্টিইনফ্লেমেটৰী গুণ- বিটেইন আৰু অন্যান্য এণ্টঅক্সিডেণ্টৰ বাবে বিটৰ এণ্টইনফ্লেমেটৰী গুণ দেখা যায় ৷ সেয়ে বিট আৰ্থাইটিচ, ইৰিটেবল বাৱেল ছিনড্ৰম, মূৰৰ বিষ আদিত উপযোগী বুলি কোৱা হয় ৷

খেলুৱৈৰ সক্ৰিয়তা বৃদ্ধি কৰা- এয়া অনেক গবেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে ৷

মানসিক অৱসাদ, ডিপ্ৰেচন আঁতৰ কৰে ৷
বিটৰ পাত বইল কৰি তাৰ ৰসেৰে মূৰ ধুলে ওকনি সৰে ৷

beet


ল'বলগীয়া সাবধানতা–  
তলৰ লোকসকল বিট গ্ৰহণত সতৰ্ক হোৱা বাঞ্ছনীয় :
কিডনীৰ পাথৰ থকা লোকে বিট খালে অক্সালেট ষ্টনৰ আকাৰ বঢ়াৰ সম্ভাৱনা থাকে ৷
তেজত খনিজৰ পৰিমাণ বেছি থকা লোক- কিছুমান মানুহৰ তেজত আইৰণ বা ক'পাৰ বৰ্ধিত পৰিমাণত থাকে ৷ তেনে লোকে বিট পৰিহাৰ কৰিব ৷
বেছি পৰিমাণত পেটৰ অসুখীয়া ৰোগীয়ে বিট, বিশেষকৈ কেঁচা বিট বৰকৈ নাখাব ৷
গৰ্ভাৱস্থাত যিকোনো উপযোগী খাদ্যও সীমাৰ ব্যতিৰেকে গ্ৰহণ কৰা অনুচিত ৷
থাইৰয়েডৰ যিকোনো অসুখত ভুগি থকা লোকে নিজৰ চিকিৎসকৰ পৰামৰ্শমতে বিট সেৱন কৰিব ৷


(বিঃদ্ৰঃ- প্ৰবন্ধটো ভাগ-বতৰা কৰাত মোৰ কোনো আপত্তি নাই ৷ কিন্তু লেখকৰ নাম বাদ দি কপি-পেষ্ট যেন নকৰে তাৰবাবে অনুৰোধ জনালোঁ৷) 

Your Comments