গামোছা বিক্ৰী কৰি এবছৰত সত্তৰ লাখ উপাৰ্জন কন্যকা বোৱা কটা সমবায় সমিতিৰ, দুই সহস্ৰাধিক গঞাঁ মহিলা দিনে নিশাই ব্যস্ত তাতঁশালত

padma

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: 

চতিয়া সমষ্টিৰ অন্তৰ্গত কন্যকা বোৱা কটা সমবায় সমিতিয়ে উৎপাদিত গামোছা বিক্ৰী কৰি এটা বছৰত লাভ কৰে সত্তৰ লাখৰো অধিক টকা ৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত যোৱা বৰ্ষত জামুগুৰিহাটস্থিত মাৰ্কেটিং চচাইটিৰ চৌহদত গঢ়লৈ উঠা কন্যকা বোৱা কটা সমবায় সমিতিয়ে ইতিমধ্যে অসমৰ বজাৰলৈ মুকলি কৰি দিছে পঞ্চাশ হেজাৰ থলুৱা গামোছা ৷ একোখন গামোছা ডেৰশ টকাৰ পৰা সাতশ টকা পৰ্যন্ত বিক্ৰী কৰি  কন্যকা বোৱা কটা সমবায় সমিতিয়ে এই পৰ্যন্ত সত্তৰ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে সমবায় খনৰ পৰিচালিকা ৰাজশ্ৰী বৰা আৰু অলংকাৰীক পৰিচালিকা  লুণা বৰুৱাই ৷padma2

পৰিচালিকা দুগৰাকীৰ মন্তৱ্য বৰ্তমান সমবায় খনত এশখনৰো অধিক মাইনাও আৰু উইভিং শালত সমষ্টিটোৰ কুৰিৰো অধিক গাৱৰ শতাধিক  মহিলাই দৈনিক কাম কৰি আহিছে৷ একোখন শালত ফুল নেথাকিলে ছয়খন আৰু ফুল থাকিলে দিনে তিনিখনকৈ গামোছা উৎপাদন কৰিব পাৰি বুলিও জানিবলৈ দিয়ে পৰিচালিকা দ্বয়ে ৷ গুৱাহাটী, লক্ষিমপুৰ, মঙ্গলদৈ, ৰঙিয়া , নগাওঁ, মৰিগাওঁ  বিশ্বনাথ, শোণিতপুৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বিপনীলৈ এই গামোছা সমুহ বিক্ৰীৰ বাৱে প্ৰেৰণ কৰা হৈছে ৷ কন্যকাত উৎপাদিত থলুৱা  গামোছাই অসমৰ বজাৰত  যথেষ্ট সমাদৰ লাভ কৰা বুলিও মন্তৱ্য কৰে ৰাজশ্ৰী বৰা আৰু লুনা বৰুৱাই ৷padma5

সমষ্টিটোৰ গঞাঁ মহিলা সকলক বোৱা কটাৰ উন্নত প্ৰশিক্ষন প্ৰদান কৰি এই কন্যকা সমবায় সমিতিত  শিপিনী হিচাপে জড়িত কৰোৱা বুলিও তেওঁ মন্তৱ্য কৰে ৷ থলুৱা  গামোছা সমুহ বিক্ৰী কৰি মহিলা সকল যথেষ্ট উপকৃত হোৱাৰ লগতে স্বাৱলম্বীতাৰ পথো সুচনা হোৱা বুলিও জানিব পৰা গৈছে ৷একোগৰাকী মহিলাই গামোছা উৎপাদন কৰি সাত-আঠ হেজাৰ টকা মাহিলী উপাৰ্জন  কৰা বুলিও জানিব পৰা গৈছে ৷ গামোছাৰ উপৰি তাতশাল সমুহত বৰ্ত্তমানে চেলেং,চাদৰ,মেখেলাকে ধৰি  বিভিন্ন  জনজাতীয় সাজপাৰ  উৎপাদন কৰি  থকাৰ বিষয়ে জানিবলৈ দিয়ে পৰিচালিকা দ্বয়ে ৷ ইতিমধ্যে অসমৰ মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল, স্বাস্থ্য আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাকে ধৰি অসমৰ বিভিন্ন সমষ্টিৰ বিধায়ক, আমোলা বিষয়াই এই থলুৱা তাতঁশালৰ উদ্যোগ পৰিদৰ্শন কৰি অভিভূত হৈ পৰা বুলিও জানিব পৰা গৈছে ৷padma6

কন্যকা বোৱা কটা সমবায় সমিতিৰ প্ৰধান উদ্যোক্তা তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়- এই উদ্যোগৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে  চতিয়া সমষ্টিৰ প্ৰায় দুই সহস্ৰাধিক গঞাঁ  মহিলা জড়িত হৈ আহিছে ৷ গাৱেঁ গাৱেঁ মহিলা সকলে তাতঁশাল স্থাপন কৰি গামোছা বৈ কন্যকা বোৱা কটা সমবায়ত যোগান ধৰি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাও পৰিলক্ষিত হৈছে ৷ সমষ্টিটোৰ চাৰিদুৱাৰতো ইতিমধ্যে  এশ মহিলাক একত্ৰিত কৰি তথা তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি বোৱা কটাৰ সুবিধাৰ্থে তাতঁশাল যোগান ধৰা হৈছে ৷ এই তাতঁশালত  মহিলাসকলে জনজাতীয় সাজ-পাৰ তৈয়াৰ কৰাত ব্যস্তহৈ পৰা বুলিও  জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে৷  দুই সহস্ৰাধিক মহিলা এনেদৰে তাতঁশালত জৰিত হৈ থলুৱা গামোছাকে ধৰি অন্যান্ন সাজপাৰ উৎপাদনত মনোনিবেশ কৰাটো ৰাজ্যখনৰ ভিতৰতে অনন্য আৰু প্ৰথম হ'ব বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই। অহা পাচঁবছৰৰ ভিতৰত সমগ্ৰ ৰাজ্যৰ গামোছাৰ বজাৰ খন কন্যকাই দখল কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈ অহা গামোছাৰ আমদানিও এইদৰেই বন্ধহৈ পৰিব বুলিও আশা প্ৰকাশ কৰে  বিধায়ক পদ্ম হাজৰিকাই।

Your Comments