ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা, কেনেকৈ আবেদন কৰিব জানিবলৈ ক্লিক কৰক-

tet

নিউজ ডেস্ক :
শিক্ষিত নিবনুৱা সকলৰ বাবে সুখবৰ।ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা।সাত বছৰৰ মূৰত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে অনুষ্ঠিত কৰিব এই  টেট পৰীক্ষাৰ।প্ৰাথমিক আৰু মাধ্যমিক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত হ'ব এই টেট পৰীক্ষা। এই কথা ইতিমধ্যেই ৱেবচাইটৰ জড়িয়তে ঘোষণা কৰিছে অসম মাধ্যমিক শিক্ষা সংসদে। উল্লেখ্য যে টেট পৰীক্ষাত অৱৰ্তীন হোৱাৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা সন্দৰ্ভতো স্পষ্ট নিৰ্দেশনা  দিছে ।সেই অনুসৰি প্ৰাথমিক টেট পৰীক্ষাত অৱৰ্তীন হোৱাৰ বাবে এগৰাকী প্ৰাৰ্থী  উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষ উত্তীৰ্ণ হ'ব লাগিব।ইয়াৰ উপৰিও উচ্চতৰ মাধ্যমিকত সাধাৰণ শ্রেণীৰ প্ৰাৰ্থীসকলে ৫০শতাংশ আৰু অনুসূচীত জাতি-জনজাতি আৰু পিচপৰা শ্ৰেণীৰ প্ৰাৰ্থী সকলে ৪৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰী সকলেহে আবেদন কৰিব পাৰিব। গুৰুত্বপূৰ্ণ কথা এই যে প্ৰাথমিক বিদ্যালয়ৰ টেট পৰীক্ষাত অৱৰ্তীন হোৱাৰ বাবে প্ৰাৰ্থীসকলৰ প্ৰয়োজন নহয় কোনো বি.এড অথবা  ডি.এল.এডৰ।

আনহাতে মাধ্যমিক বিদ্যালয়ৰ টেটৰ বাবে প্ৰাৰ্থীসকলে উচ্চতৰ মাধ্যমিকত সাধাৰণ প্ৰাৰ্থী সকলে ৫০শতাংশ আৰু অনুসূচীত জাতি-জনজাতি আৰু পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী সকলে ৪৫ শতাংশ নম্বৰ লাভ কৰা হ'ব লাগিব।
ইয়াৰ উপৰিও প্ৰাৰ্থী সকল ইউজিচিৰ অধীনস্থ মহাবিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা ৫০শতাংশ নম্বৰে স্নাতক ডিগ্ৰীধাৰী হব লাগিব।
ইয়াৰ সমান্তৰালকৈ প্ৰাৰ্থী সকলৰ বি.এড, ডিগ্ৰীধাৰী অথবা ডি.এল.এড ডিপ্লমাধাৰী হ'ব লাগিব।

উল্লেখ যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে প্ৰকাশ কৰা অনুসৰি মে মাহৰ পৰা জুন মাহলৈকে আৰম্ভ হ'ব অনলাইন আবেদন প্ৰক্ৰিয়া।আৰু পৰীক্ষা অনুষ্ঠিত হ'ব এইবর্ষৰ অহা ২২ছেপ্টেম্বৰৰ পৰা ২৯ছেপ্টেম্বৰৰ ভিতৰত।

Your Comments