উচ্চতৰ মাধ্যমিকৰ ফলাফল : ক'লা শাখাৰ শীৰ্ষত দৰঙৰ খুছবো ফ্ৰীদুছ,বিজ্ঞানত ছায়ান মজুমদাৰ, বিতোপন আৰন্ধৰা আৰু বাণিজ্যত অসীম চৰকাৰ

arts

নিউজ ডেস্ক :

ঘোষিত হল উচ্চতৰ মাধ্যমিকৰ ২০১৯ বৰ্ষ চূড়ান্ত ফলাফল।
৪৭৮ নম্বৰে ক'লাশাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থানত উজ্বলিল দৰংৰ ব্ৰিলিয়েন্ত অকাডেমি জুনিয়ৰ কলেজৰ খুছবো ফ্ৰীদুচ।
৪৭৫ নম্বৰে দ্বিতীয় স্থানত জিলিকিল প্ৰাগজ্যোতিষ জুনিয়ৰ কলেজ,যোৰহাটৰ  কৌশিক কছাৰী  আৰু
কনছেপ্ট জুনিয়ৰ কলেজ ,নগাঁও গীতাঞ্জলি বৰঠাকুৰ।
৪৭৪ নম্বৰে তৃতীয় স্থানত উজ্বলিল ক্ৰিচেণ্ট একাডেমী, যোৰহাটৰ কন্যাশ্রী ভাগৱতী।

আনহাতে বিজ্ঞান শাখাত ৪৭৪ নম্বৰে ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত উজ্বলিল দুই মেধাৱী । দৰং কলেজ, শোণিতপুৰৰ ছায়ান মজুমদাৰ আৰু নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ বিতোপন আৰন্ধৰা।
৪৭৭ নম্বৰে দ্বিতীয় স্থানত উজ্জ্বলিল শিলচৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ,কাছাৰৰ দেজী পাঠক আৰু তেজপুৰ বেংগলী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ দিশান্ত শইকীয়া।
৪৭৬ নম্বৰে তৃতীয় স্থানত উজ্বলিল ৰামানুজন জুনিয়ৰ কলেজ নগাঁৱৰ, হৃদী প্রিয়ম শৰ্মা।

আনহাতে বাণিজ্যক শাখাত ৪৭৪ নম্বৰে ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত উজ্বলিল অসীম চৰকাৰ, বিবেকানন্দ জুনিয়ৰ কলেজ ,কাছাৰ।
৪৬৮নম্বৰে দ্বিতীত স্থানত উজ্বলিল নিবেদিতা গগৈ ,ক্ৰিচেন্ত একাডেমী ,যোৰহাট আৰু কে চি দাস কমাৰ্চ কলেজ, কামৰূপ(ম) আয়ুসী জৈন।
৪৬৫ তৃতীয় স্থানত উজ্বলিল নেহা আগৰৱালা,গুৱাহাটী কমাৰ্চ কলেজ ,কামৰূপ(ম)।

Your Comments