বিজেপিৰ 'ৰাষ্ট্ৰবাদ' বনাম কংগ্ৰেছৰ 'গৰিবি হটাও'

modi

#ৰাজকমল চাংকাকতি#


লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ২৯ এপ্ৰিলত সম্পন্ন হয়।বাকী থকা তিনিটা পৰ্যায়ৰ বাবে ৰাজনৈতিক নেতাসকলে ব্যাপকভাৱে প্ৰচাৰ চলাই আছে।বৰ্তমানলৈকে কোনবোৰ মুখ্য ইছ্যুত ৰাজনৈতিক দলসমূহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বাৰু?এই বিষয়ে এটা বিশ্লেষণ দাঙি ধৰা হওক।rahul
        

চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱালৈকে বিজেপিৰ মুখ্য নিৰ্বাচনী ইছ্যু 'ৰাষ্ট্ৰবাদ'।ৰাষ্ট্ৰবাদক প্ৰধান ইছ্যু হিচাপে লৈয়ে এইবাৰ বিজেপি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু এই ইছ্যুৰ কেন্দ্রত আছে এজন 'শক্তিশালী' নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।বিজেপিয়ে প্ৰচাৰ অভিযানত জনতাক ৰাষ্ট্ৰবাদেৰে উদ্বুদ্ধ কৰিবলৈ প্ৰয়াস কৰিছে।ৰাষ্ট্ৰবাদী চিন্তাৰ এটা মূল  বিন্দু হৈছে সামৰিক-অৰ্থনৈতিক দিশত এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ।এজন শক্তিশালী আৰু সাহসী ৰাষ্ট্ৰনেতা হিচাপে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েহে ভাৰতবর্ষক শত্ৰু দেশৰে উপযুক্তভাৱে মোকাবিলা কৰিব পৰাকৈ শক্তিশালী কৰি তুলিব পাৰিব বুলি দলটোয়ে ব্যাপক প্ৰচাৰ চলাইছে।দেশ প্ৰথমতে,আন সকলো পিছত-বিজেপিয়ে এইবুলি জনতাৰ আগত বক্তব্য দাঙি ধৰিছে।ভাৰতত কূটাঘাত চলোৱা সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানক ভাৰতৰ মূল শত্ৰু আখ্যা দি দেশখনক নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰেহে উপযুক্ত শিক্ষা দিব পাৰিব বুলি বিজেপিৰ নেতাসকলে জনতাৰ মাজলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ ধৰিছে।পাকিস্তানৰ ভিতৰলৈ সোমাই বালাকোটত সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ কেন্দ্রত কৰা আক্ৰমণৰ দৰে সিদ্ধান্ত বিজেপিৰ ৰাষ্ট্ৰবাদী চৰকাৰেহে ল'ব পাৰে বুলি প্ৰচাৰ চলাই থকা হৈছে।
      

আনহাতে,কংগ্ৰেছ এই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে মূলতঃ 'গৰিবি হটাও' ইছ্যুটোক লৈ।ইয়াৰ লগতে আছে ৰাফেল বিমান ক্ৰয়ত মোডী চৰকাৰে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন।'ন্যায় আঁচনি'ৰ অন্তৰ্গত দৰিদ্ৰৰ একাউন্টত মাহে ৬০০০ টকাকৈ জমা কৰি দিয়া হ'ব বুলি এতিয়া কংগ্ৰেছে ব্যাপক প্ৰচাৰ চলাইছে।লগতে কেন্দ্ৰত শাসনলৈ আহিলে ৩৪ লাখ চাকৰি দিব বুলিও যুৱ প্ৰজন্মৰ পৰা সমৰ্থন আদায় কৰিবলৈ বিচাৰিছে।ৰাফেল বিমান ক্ৰয় বিষয়ত মোডী চৰকাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি কৈ কংগ্ৰেছৰ ৰাহুল গান্ধী প্ৰমুখ্যে নেতাসকলে নিৰ্বাচনী জনসভাসমূহত ধাৰাবাহিকভাৱে বিজেপি বিৰোধী প্ৰচাৰ চলাইছে।মোডী চৰকাৰক দুৰ্নীতিগ্ৰস্ত আখ্যা দি চৰকাৰ পৰিৱৰ্তন কৰিবলৈ জনতাক আহ্বান জনাইছে।
       

এতিয়া সকলো নিৰ্ভৰ কৰিছে ভাৰতৰ ভোটদাতা জনতাৰ ওপৰত।তেওঁলোকে 'শক্তিশালী' ৰাষ্ট্ৰবাদী নেতা নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি অথবা এনডিএ  চৰকাৰ বিচাৰে নে দৰিদ্ৰতা দূৰ কৰা আৰু নতুন কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া কংগ্ৰেছ অথবা ইউপিএ চৰকাৰ বিচাৰে।নে ইউপিএৰ সমৰ্থনত মহাজোঁটবন্ধনৰ চৰকাৰ বিচাৰে।নিৰ্বাচনৰ পূৰ্বে কেইবাটাও 'অপিনিয়ন প'ল'-এ বিজেপিৰ  নেতৃত্বত এনডিএ চৰকাৰ গঠন হ'ব বুলি ভৱিষ্যৎবাণী কৰিছে যদিও অপিনিয়ন প'ল পূৰ্বে কেইবাবাৰো সমূলি ভুল হোৱাৰ উদাহৰণ আছে।গতিকে,কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব অথবা ৰাষ্ট্ৰবাদ আৰু গৰিবি  হটাওৰ মাজত কোনটো ইছ্যুয়ে অধিকাংশ জনতাৰ সমৰ্থন আদায় কৰিব-সেয়া স্পষ্ট হ'ব ২৩ মে'ৰ ভোট গণনাৰ দিনটোতহে।

Your Comments