নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হাস্পতালত বিশ্ব স্বাস্থ্য দিৱস পালন

hospital


আমিনগাঁৱৰ নাৰায়ণা ছুপাৰস্পিচিয়েলিটী হাস্পতালৰ উদ্যোগত যোৱা ৫ এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। পুৱা ১০ বজাৰ পৰা হাস্পতালৰ চৌহদত দিনযোৰা কাৰ্যসূচীৰে  বিনামূলীয়া স্বাস্থ্য পৰামৰ্শ প্ৰদান কৰা হয়। দুপৰীয়া ৰোগীসকলৰ মাজত এখন মত বিনিময়  সভা অনুষ্ঠিত কৰা হয়। 


সভাত উপস্থিত ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ বিষয়া শান্তনু ভট্টাচাৰ্যই বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰতিজন লোককে নিৰোগী হোৱাৰ বাবে সদায় ব্যায়াম,সুষম আহাৰ গ্ৰহণ আৰু ভাল চিন্তা কৰিবলৈ আহ্বান জনায়। তদুপৰি সভাত  চিকিৎসক ডা: বাপাদিত্য মুখপাধ্যায়, সমৰজিত খনিকৰ , ডা: ডিকী  ৰিচাৰ্ড মাৰাক,  নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ  কেইবাজনো বিষয়াই অংশগ্ৰহণ কৰি ৰোগীসকলক উদ্দেশ্য কৰি  ভাষন আগবঢায়। 


সভাত যোৱা ৩ বছৰে হাস্পতালত হাত আৰু ভৰিৰ হাড়ৰ অষ্ট্ৰোপচাৰ কৰা প্ৰায় ২০০ গৰাকী ৰোগীৰ মাজৰ কিছুসংখ্যক ৰোগীয়ে নিজৰ মতামত আগবঢায়।

Your Comments