কেৰালাত বিয়পিছে ভয়াৱহ 'ৱেষ্ট নাইল' ভাইৰাছ

west nile

কেৰালাত ভয়াৱহ 'ৱেষ্ট নাইল' ভাইৰাছ বিয়পিছে।মহে কামুৰিলে বিয়পা এই ভাইৰাছৰ প্ৰভাৱত জ্বৰ,শৰীৰত বিষ,ভাগৰ লগা আদি লক্ষণে দেখা দিয়ে,মগজু আক্রান্ত হয়।ৱেষ্ট নাইল ভাইৰাছ আক্ৰান্ত হৈ ৰোগাক্ৰান্ত হোৱা কেৰালাৰ উত্তৰ মালাবাৰ এলেকাৰ এটা ৭ বছৰীয়া শিশুৰ মৃত্যু হয়।এই ঘটনাৰ পিছত প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে।ৱেষ্ট নাইল ভাইৰাছৰ দ্বাৰা ৰোগাক্ৰান্ত হোৱাৰ অধিক সংখ্যক ঘটনা উত্তৰ আমেৰিকাত সংঘটিত হৈছে।কেৰালাত শিশু টোৰ মৃত্যু ভাৰতত ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ প্ৰথম মৃত্যু।

Your Comments