পদিনাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

পদিনাৰ বিষয় আমি নজনা অনেক কথা

পদিনাক আন আন ভাষাত কি বুলি মাতে

অসমীয়াত পদিনাক কোনো লোকে পদুনা বোলে । ডিমাছা আৰু কাৰ্বিসকলেও বোলে পদিনা । বাংলাত পুদিনা । হিন্দীত পুদীনা, মাৰাঠীত পুদীনা, কংকনীত পুদীনা, গুজৰাটীত পুধীনা, তামিলত পুধীনা, মালায়ামত পুধীনা, তেলেগুত পুধীনা কোৰা, কানাড়াত পুদিনা চাপু, পাঞ্জাবীত হাৰা পুদীনা, উৰিয়াত পাদানা পাত্ৰা, কাশ্মীৰিত পদ্যানু আৰু উৰ্দুত পুদীনা বোলে ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

পদিনা গছৰ বৰ্ণনা

এজোপা পদিনা ১০ৰ পৰা ১২০ চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হ’ব পাৰে ৷ পাতৰ ৰং পাতলৰ পৰা ডাঠ সেউজীয়া আৰু গা-গছৰ ৰং সেউজীয়া বা বেঙুলীয়া বৰণৰ হয় ৷ গছৰ পাতৰ পৰা এটা সুবাস ওলাই থাকে ৷ ইয়াৰ ফলত পদিনাৰ পৰা অপকাৰী কীট-পতংগ, পৰুৱা, পইতাচোৰা আঁতৰ হয় ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

আনহাতে, মৌমাখিৰ দৰে উপকাৰী জীৱ কাষ চাপি আহে ৷ পদিনাত বগা, নীলা বা বেঙুনীয়া ফুল ফুলে ৷ সময়ত ফল আৰু গুটিও হয় ৷ গুটিৰ পৰাও গছ হয় ৷ কিন্তু বেছিভাগ লোকেই ডাল ৰুই পদিনাৰ খেতি কৰে ৷ এজোপা পদিনাৰ আয়ুস এবছৰৰ পৰা দুবছৰ ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

কি কি লাগতিয়াল তত্ত্ব পদিনাত থাকে ?

এক টেবুল চামুচ অৰ্থাৎ ৩-২ গ্ৰাম পদিনাত কেল’ৰি থাকে ২, প্ৰ’টিন ১০০ মিলিগ্ৰাম, কাৰ্ব'হাইড্ৰেট ৫০০ মিলিগ্ৰাম, ডায়েটেৰী ফাইবাৰ ৩০০ মিলিগ্ৰাম, প’টেচিয়াম ১৮ মিলিগ্ৰাম, ছ’ডিয়াম ১ মিলিগ্ৰাম, আইৰণ, ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-বি গোট পদিনাত থাকে ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

পদিনাৰ পৰা ওলোৱা তেলত থাকে মেন্থল, মেন্থন, মেন্থাইন এচিটেট, লিমোনি, চিনোলি, বিটা পিনেনি আৰু বিটা কেৰিঅ’ফাইলিন ৷

পদিনাৰ পৰা কি কি উৎপাদন হয় ?

পদিনাৰ বিষয় আমি নজনা অনেক কথা

পদিনাৰ তেল, পিপাৰমেণ্ট, প্ৰসাধন সামগ্ৰী, সুগন্ধি দ্ৰব্য, টুথপেষ্ট, বিষনাশক, বাম, জেলি, চৰবত, চুপ, মৰ্টন, চকলেট, চুয়িংগাম ইত্যাদি ৷ আমেৰিকা আৰু জাপানত মদিৰাৰ লগত গালফত মাংসৰ ব্যঞ্জনৰ স’তে পদিনা ব্যৱহৃত হয় ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

ভিয়েটনাম, থাইলেণ্ড আদি দেশত পদিনাৰ চালাডৰ প্ৰচলন বেছি ৷ আমাৰ অসমীয়া লোকসকলে পদিনা ঘাইকৈ আম, নেমু বা থেকেৰাৰ স’তে পিচি চাটনি কৰি ভাতৰ স’তে খায় ৷ ৰোমত বিদ্যাৰ্থীসকলৰ মস্তিষ্কৰ উৎকৰ্ষ সাধনৰ বাবে পদিনা খাবলৈ দিয়া হয় ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

পদিনাৰ উপকাৰিতা

আগৰ দিনত পেটৰ বিষ, বায়ুজনিত ৰোগ আৰু বুকুৰ বিষত বনৌষধি হিচাপে পদিনা সেৱন কৰিবলৈ দিয়া হৈছিল ৷ তাৰপৰাই হয়তো আজিকালি কলাইটিচ আৰু ইৰিটেবল বাৱেল চিনড্ৰমত পদিনা খোৱা পৰামৰ্শ দিয়াৰ সূত্ৰপাত হয় ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

নানান পৰীক্ষাগাৰত পদিনাৰ বিষহাৰক, এলাৰ্জি বিনাশক, হজম শক্তিবৰ্ধক, ৰুচি বৃদ্ধিকাৰক গুণ প্ৰমাণিত হৈছে ৷ আজিকালি মেদবহুলতা কমাবলৈ, শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ পদিনা সেৱন কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

পদিনাই পাক প্ৰণালীৰ হজম শক্তি বঢ়াই চৰ্বিক গলাই শক্তিলৈ ৰূপান্তৰিত কৰে ৷ এণ্টি অক্সিডেণ্ট গুণযুক্ত হোৱা বাবেই পদিনাই শৰীৰৰ ইউমিনিটী বঢ়ায় আৰু কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

পদিনাই শাৰীৰিক-মানসিক অৱসাদ আৰু মানসিক চাপ কমোৱাত আমাক সহায় কৰে ৷ পদিনা হাপানী আৰু এলাৰ্জিক ৰাইনাইটিজ ৰোগৰ চিকিৎসাত সহায়ক ৷ ভিটামিন-এ থকাৰ বাবে পদিনা দৃষ্টিশক্তি বৃদ্ধিকাৰক ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

আয়ুৰ্বেদিক চিকিৎসাৰ কেইটামান বিধান পাঠকে প্ৰয়োগ কৰি চাব পাৰে

= পদিনাৰ ৰস মৌজোলৰ স’তে মিহলাই খালে অনিদ্ৰা আঁতৰ হয় ৷

= দুচামুচ পদিনাৰ ৰস আধা কাপ কুহুমীয়া গৰম পানীৰ স’তে মিহলাই খালে বাৰে বাৰে পিঁয়াহ লগা আঁতৰ হয় ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

= পদিনাৰ চাহ নিমখীয়া কৰি খালে কাহ, মূৰৰ বিষ আৰু জ্বৰ আঁতৰ হয় ৷

= চকুৰ চৌদিশে হোৱা ক’লা দাগ আঁতৰাবলৈ হ’লে কিছুদিনলৈ দৈনিক আধা ঘণ্টা সময় পদিনা পিচা প্ৰলেপ লগাওক ৷

পাছত সাৱধানে ঠাণ্ডা পানীৰে ধুই দিয়ক ৷ চাব চকুৰ ভিতৰলৈ পদিনা পিচা নাযায় যেন ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

= খুহু আৰু খুন্দা খোৱা বিষত পদিনাৰ প্ৰলেপ উপযোগী ৷

= নাকৰ ৰক্তক্ষৰণ ৰোধ কৰিবলৈ পদিনাৰ ৰস দুই-তিনি টোপাল দিলেই হয় ৷

= কাণৰ সংক্ৰমণত পদিনাৰ ৰস উপযোগী ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

= পদিনাৰ প্ৰলেপ শালমনৰ চিকিৎসাত ফলপ্ৰসূ ৷

= বৃশ্চিক বা আন কীট-পতংগই দংশন কৰিলে পদিনাৰ প্ৰলেপ দিলে উপশম হয় ৷

= আয়ুৰ্বেদিক চিকিৎসকে মেলেৰিয়াৰ চিকিৎসাত পদিনা আৰু তুলসীৰ পাতৰ সিদ্ধ মিশ্ৰণ ব্যৱহাৰ কৰে ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

= হিষ্টেৰিয়াত দৈনিক চাৰি চামুচকৈ পদিনাৰ ৰস খাবৈল দি চিকিৎসা কৰা হয় ৷

= দৈনিক দুচামুচকৈ পদিনাৰ ৰস সেৱন কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ৷

= পদিনাৰ ৰস আধা পিয়লা পানীত মিহলাই দিনে দুই-তিনিবাৰ খুৱালে ওকালি আৰু বমিৰ উপশম ঘটে ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

= পদিনাৰ ৰস, পিঁয়াজৰ ৰস, নেমুৰ ৰস সমপৰিমাণত মিহলাই খুৱালে গ্ৰহণী, ডায়েৰীয়াৰ প্ৰকোপ কমে ৷

= হিকটি আহিল তাক ৰোধ কৰিবলৈ চেনিৰ স’তে কেইখিলামান পদিনাৰ পাত চোবাওক ৷

= দাঁত আৰু দাঁতৰ আলু মজবুত কৰিবলৈ হ’লে দৈনিক কেইখিলামান পদিনাৰ পাত চোবাওক ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

= মুখৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ হ’লে পদিনাৰ পাত উতলাই ঠাণ্ডা হ’বলৈ দিয়ক ৷ যেতিয়া পানী কুহুমীয়া গৰম হ’ব সেই পানীৰে ভালদৰে কুলকুলি কৰক ৷ দিনে দুবাৰকৈ পাঁচ-সাত দিন এনে কৰক ৷

পদিনাৰ বিষয় আমি নজনা অনেক কথা

= পুৰুষ আৰু মহিলা উভয়ৰে সন্তানহীনতাৰ আয়ুৰ্বেদিক চিকিৎসাত পদিনাৰ ভূমিকা আছে বুলি জনা যায় ৷

= আকস্মিকভাৱে সংজ্ঞা হেৰুওৱা লোকক কেইখিলামান পদিনাৰ পাত মোহাৰি ঘ্ৰাণ ল’বলৈ দিলে চেতনা ঘূৰাই পায় ৷

Your Comments