গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি অনিমেষ ভূঞাৰ দুই আঘাত প্ৰাপ্ত সতীৰ্থক

A

নিউজ ডেস্ক:
যোৰহাটৰ বৰ্বৰ গণআক্ৰমণত নিহত অনিমেষ ভূঞাৰ দুই আঘাতপ্ৰাপ্ত বন্ধু মৃদুষ্মন্ত বৰুৱা, প্ৰণয় দত্তক উন্নতৰ চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি।যোৰহাট মেডিকেল কলেজ হাস্পতালত ২৯নৱেম্বৰৰ পৰা ভৰ্তি হৈ আছিল নিহত অনিমেষৰ দুই সতীৰ্থ।উল্লেখ্য যে, দুয়োজন যুৱকৰ চিকিৎসাৰ সম্পূর্ণ দায়িত্ব বহন কৰিব ৰাজ্য চৰকাৰে।মৃদুষ্মন্ত বৰুৱাই পিঠিত আঘাত পোৱাৰ লগতে প্ৰণয় দত্তই বাওঁ চকুত আঘাত পাইছিল গণ আক্ৰমণত।

আছু নেতা অনিমেষ ভূঞাৰ সৈতে ব্যৱসায়িক কামত গৈছিল ।যোৰহাট গৈ থকা অৱস্থাত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি আক্ৰমণৰ বলি হৈছিল তিনিওজন।

Your Comments