বিজেপিৰ ১০০প্লাছ সফল কৰাৰ বাবে ৰাজ্যত ১০০খন 'দৃশ্যশ্ৰব্য বাহন' মুকলি

Pic

দৃশ্যশ্ৰব্য বাহন মুকলিৰে আগন্তক বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিলে বিজেপিয়ে। 'ৰাইজৰ আশা আমাৰ ইস্তাহাৰৰ ভাষা' শীৰ্ষক দৃশ্যশ্ৰব্য বাহন বুধবাৰে খানাপাৰাত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ অনুষ্ঠানত উপস্থিত থাকে বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস সহিতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজাৰ লগতে বিজেপিৰ বহুকেইজন শীৰ্ষনেতা-কৰ্মী।

'ভিডিঅ ৰথ' মুকলি কৰি সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়-"সীমান্ত ছীল কৰাৰ লগতে ৫ লাখ ভূমিহীন পৰিয়ালক ভূমিপত্তা দিব চৰকাৰে। দলৰ কর্মীৰ সক্ৰিয়তাৰ লগতে চৰকাৰৰ সফলতাই অহা নিৰ্বাচনৰ মূলমন্ত্ৰ হ'ব বিজেপিৰ বাবে।"

ভিডিঅ' ৰথ মুকলি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়-"জাতি- মাটি-ভেটি ৰক্ষা,বিদেশীমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসমৰ প্ৰতিশ্ৰুতি লৈ শাসনত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰে আজি সফলভাৱে সকলো কৰিবলৈ সক্ষম হৈছে।যদিও আমাৰ চৰকাৰৰ চাৰে-চাৰি বছৰ হৈছে, কিন্তু ক'ভিড সময়খিনিলৈ চালে আমাৰ তিনি বছৰো হোৱা নাই।তথাপিও আমি শক্তিশালীভাৱে প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম হৈছোঁ।"

সন্ত্ৰাসবাদমুক্ত অসম গঢ়ি তোলাৰ বাবে আজি বহু উগ্ৰপন্থী সংগঠনে অস্ত্ৰ-সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ বাবে কৰ্মসংস্কৃতিৰে আগবাঢ়ি যাব পৰাৰ কথা উল্লেখ কৰি সোণোৱালে কয়-"এই চৰকাৰৰ দিনত ২২২ কিলোমিটাৰ বনাঞ্চল সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ।"

"প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ ভূমিকাৰ বাবে বিদেশীমুক্ত অসমৰ বাবে ইজৰাইলৰ পৰা চেনচৰ আনি ব্ৰহ্মপুত্ৰৰ ওপৰত ভাৰত-বাংলাদেশৰ সীমা চিৰদিনৰ কাৰণে বন্ধ কৰা হৈছে।'এডভানটেজ আসাম'ৰ দ্বাৰা ৭৯ হাজাৰ কোটি টকা বিনিয়োগৰ চুক্তি হৈছিল আৰু ৫৫ হাজাৰ কোটি টকা বৰ্তমান অসমৰ উন্নয়নৰ নামত বিনিয়োগৰ ব্যয় হৈছে"-সোণোৱালে কয়।

"প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ দিনত ৰে'লৱেৰ 'ডাবল ট্ৰেকিং' আৰম্ভ হ’ল।বৰ্তমান ৪৩ খন ৰে'ল চলাচল কৰা কৰি আছে"- লগতে তেওঁ কয়। উল্লেখ যে নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ১০০খন দৃশ্যশ্ৰৱ্য বাহনে বিজেপিয়ে কৰা কামসমূহ দাঙি ধৰাৰ বাবে ৰাইজৰ ওচৰলৈ যাব বুলি জানিবলৈ দিয়ে।

Your Comments