কংগ্ৰেছৰ বিধায়ক জামালুদ্দিন আহমেদ,প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

Pic

অসম প্ৰদেশ কংগ্ৰেছৰ বাবে বৃহৎ ক্ষতি।গণৰাজ্য দিৱসৰ নিশা অসম প্ৰদেশ কংগ্ৰেছে হেৰুৱালে দুই গৰাকীকৈ জ্যেষ্ঠ নেতা বদৰপুৰৰ বিধায়ক জামালুদ্দিন আহমেদ আৰু দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীক।

কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ বিধায়ক জামালুদ্দিন আহমেদ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসালয়ত ভৰ্তি কৰাৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৬ বছৰ।উল্লেখ যে বিধায়কগৰাকীয়ে দিনৰ ভাগত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল।

Pic

আনহাতে,কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীইও ৫৯ বছৰ বয়সত মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে।হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয় প্ৰাক্তন বিধায়িকাগৰাকীৰ।দেৰগাঁও মেডিকেলত মৃত্যু হয় তেওঁৰ। প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ২০১১-১৬চনলৈ কছাৰী বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল।

Your Comments