কৃষি আইনৰ বিৰোধিতা:লালকিল্লাত প্ৰৱেশ কৰিলে প্ৰতিবাদকাৰী কৃষকৰ দলে

Pic

জন বিৰোধী কৃষি আইনৰ বিৰুদ্ধে উলিওৱা কৃষকৰ ট্ৰেক্টৰ ৰেলীয়ে প্ৰৱেশ কৰিলে দেশৰ ৰাজধানী চহৰ দিল্লীত অৱস্থিত লালকিল্লাত ৷ কৃষকৰ এই সমদল আহিবলৈ দিয়া হৈছিল গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ পিছত ১২ বজাত ৷ পিছে হাজাৰ-হাজাৰ কৃষক দিল্লীৰ সীমা অতিক্ৰম কৰি আহি ৰাজধানী চহৰত উপস্থিত হ’ল পুৱা ৮ বজাত ৷

কৃষকসকলক বাধা দিবলৈ তৈয়াৰ কৰা আৰক্ষী বেৰিকেড ভাঙি কৃষকৰ দল লালকিল্লাত প্ৰৱেশৰ চেষ্টা কৰাৰ ফলত তেওঁলোকৰ ওপৰত লাঠী চালনাৰ উপৰিও কন্দুৱা গেছ এৰা হয় ৷ ফলত আন্দোলনস্থলীৰ পৰিৱেশ উত্তপ্ত হৈ পৰে ৷

Your Comments